পবিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে কালিৰে পৰা। উপবাসৰ সময়ত হাইড্ৰেটেড আৰু এনাৰ্জেটিক হৈ থাকিবলৈ চেহৰীৰ সময়ত এইসমূহ খাদ্য খাব পাৰে।(Sehri)ৰোজাৰ সময়ত ৰাতিপুৱাৰ পৰা গধূলিলৈকে একো নোখোৱাকৈ থাকিব লগা হয়। ৰোজাৰ সময়ত বহু ঘন্টা পানী আৰু খাদ্য অবিহনে থকাটো অতি কঠিন। ৰোজাৰ সময়ত হাইড্ৰেটেড আৰু এনাৰ্জেটিক হৈ থাকিবলৈ চেহৰীৰ সময়ত খাব কিছুমান বিশেষ বস্তু।
চেহৰীৰ সময়ত নেমুৰ পানী খাব লাগে-
ৰোজাৰ সময়ত বহু সময় পানী নোখোৱাকৈ থাকিলে শৰীৰত পানী আৰু ইলেক্ট্ৰলাইটৰ অভাৱ হ’ব পাৰে। এনে অৱস্থাত এগিলাচ পানীত গোলাপী নিমখ আৰু নেমু মিহলাই খাব লাগে। ইয়াৰ ফলত আপোনাৰ শৰীৰটো হাইড্ৰেটেড হৈ থাকিব।
চেহৰীত কি খাব লাগে-
চেহৰীৰ সময়ত তেলীয়া আৰু আটা ভিত্তিক খাদ্য সামগ্ৰী খোৱাৰ পৰা বিৰত থাকিব লাগে। স্বাস্থ্যৰ বাবে আলমণ্ড, আখৰোট, চিয়া গুটি খাব লাগে। ইয়াৰ বাহিৰেও সিজোৱা চজিনা আৰু গজালি বুট মগু খাব পাৰে। চেহৰিৰ সময়ত পুৱা দৈ খাব লাগে। চেহৰিৰ সময়ত ভিটামিন চি যুক্ত ফল-মূল খাব পাৰে। যেনে জামু, কমলা আদি।
স্বাস্থ্যকৰ চৰ্বি-
স্বাস্থ্যকৰ চৰ্বি খালে হজম শক্তি লেহেমীয়া কৰে, যাৰ ফলত পেটটো দীৰ্ঘ সময় লৈকে ভৰি থাকে। এনে অৱস্থাত ঘিউৰ লগত ৰুটি বা ভাত খাব লাগে। ইয়াৰ উপৰিও নাৰিকল, দৈ বা আলমণ্ডৰ গাখীৰও খাব পাৰে।
প্ৰটিনযুক্ত খাদ্য-
ছেহৰীত প্ৰটিন ডায়েটও গ্ৰহণ কৰিব পাৰে। প্ৰটিন ডায়েটত কণী, মচুৰ দাইল, বীন, দৈ আদি খাব পাৰে।