Breaking

বিশ্ব-অভিলেখ সৃষ্টিৰ লক্ষ্যৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক বিহুৱা-নাচনীৰ বিহু প্ৰদৰ্শনীৰ বাবে সৰুপথাৰত বাছনি শিবিৰ

0 99

বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক বিহুৱা নাচনীৰ বিহু প্ৰদৰ্শনীৰ বাবে সৰুপথাৰত আজি বাচনি শিবিৰ আয়োজন কৰা হয় ৷ পুৱা দহ বজাৰ পৰা ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়া,নাচনীৰ,তালিয়া ,পেঁপুৱা সকলে অংশগ্ৰহণ কৰে । উক্ত বাচনি শিবিৰত গুৱাহাটীত প্ৰশিক্ষিণ প্ৰাপ্ত প্ৰশিক্ষকসকলে উক্ত বাচনি শিবিৰত উপস্থিত হৈ বিহুৱা বিহুৱতী সকলৰ মাজৰ পৰা যোগ্য জনক নিৰ্বাচিন কৰাৰ কথা উল্লেখ কৰে ।

উল্লেখ্য যে ধনশিৰি মহকুমাৰ পৰা ২০০ গৰাকী নাচনী,ঢুলীয়াৰ লগতে পেঁপুৱাই এই বাছনি জৰিয়তে গুৱাহাটীত অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কায্যসূচীত অংশগ্ৰহণ কৰিব ৷ উক্ত বাচনি শিবিৰত ধনশিৰি মহকুমাধিপতি দিনচেংফা বৰুৱা, চক্ৰ বিষয়া হেমাংগ নবিশ ,নিৰ্বাচনী বিষয়া কৃশান জ্যোতি ডেকাৰ লগতে ভালেকেইজন বিষয়া কে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply