দুমুনিচকী হলিমেৰী ইন্টাৰনেচনেল স্কুলত অসমীয়া ভাষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আলোচনা চক্ৰ অনুষ্ঠিত

দুমুনিচকী হলিমেৰী ইন্টাৰনেচনেল স্কুলে অসমীয়া ভাষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আলোচনা চক্ৰ অনুষ্ঠিত কৰে।
উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী।দৰং জিলাৰ দুমুনিচকী হলিমেৰী ইন্টাৰনেচনেল স্কুলত বৃহস্পতিবাৰে এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।”অসমীয়া ভাষা টনকিয়াল কৰাৰ ক্ষেত্ৰত ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ভূমিকা আৰু প্ৰাসংগিকতা” শীৰ্ষক উক্ত আলোচনা চক্ৰত উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড°পৰমানন্দ ৰাজবংশী ৷ হলিমেৰী ইন্টাৰনেচনেল স্কুলৰ ফলাফল ঘোষণাৰ দিনটোত অনুষ্ঠিত এই আলোচনা চক্ৰত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু অভিভাৱক সকলে অংশগ্ৰহণ কৰে ৷ দিনৰ ১০ বজাৰপৰা অনুষ্ঠিত এই আলোচনা চক্ৰত বিধায়ক ৰাজবংশীয়ে শিক্ষাৰ ক্ষেত্ৰত খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ অৱদান সন্দৰ্ভত আলোকপাত কৰে ৷ অসমীয়া ভাষাতো নাজানিলে অসমীয়া সংস্কৃতি জীয়াই ৰখাটো সম্ভৱ নহয় বুলি উল্লেখ কৰি ড° ৰাজবংশীয়ে নিজৰ বক্তব্যত ছাত্ৰ-ছাত্ৰী সকলক মাতৃভাষাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ আলোচনা চক্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ পদক প্ৰাপ্ত শিক্ষক শশাংক হাজৰিকা,অৱসৰী অধ্যক্ষ ভাৰতী দাসে বক্তব্য প্ৰদান কৰে ৷

এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় দুমুনিচকী হলিমেৰী স্কুলে অসমীয়া ভাষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি এনেদৰে আলোচনা চক্ৰ অনুষ্ঠিত কৰাত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক তথা প্ৰশাসনিক সঞ্চালক ৰাহুল এ শইকীয়া,অধ্যক্ষ চিমৰানজিৎ সিং সমন্বিতে বিদ্যালয়ৰ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক বিভিন্নজনে একেমুখে প্ৰশংসা কৰে ৷ সমগ্ৰ অনুষ্ঠানটোত আঁত ধৰে শিক্ষয়িত্ৰী হিনা বেগমে ৷

Related Articles