Breaking

তেজপুৰত শিশু সুৰক্ষা আৰু নাৰী নিৰ্যাতনৰ ওপৰত আলোচনা চক্ৰ…

0 25

তেজপুৰত শিশু সুৰক্ষা আৰু নাৰী নিৰ্যা’তনৰ ওপৰত আলোচনা চ্ক্ৰ।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্যোগত অসমৰ অন্যতম সামাজিক

সংগঠন ”এইট ব্ৰাদা’চ ওৰ্কাচ চছাইটি“ৰ সৌজন্যত তেজপুৰৰ তৰুণ অসম সংঘ’ত এখনি বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷যৌন কৰ্মী আৰু তেওঁলোকৰ শিশুৰ ভবিষ্যত তথা শৈক্ষিক সামাজিক প্ৰত্যাহ্বান শীৰ্ষ’ক বিষয়ৰ ওপৰত আয়োজিত কৰা এই আলোচনাত বৰ্তমান সমাজ ব্যবস্থাত মহিলা , শিশু তথা যুৱ সমাজত চলি থকা অবৈধ যৌন নিযা’তন সম্পৰ্কত নাৰী আৰু শিশুৰ সুৰক্ষা সন্দৰ্ভত জৰিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তি তথা নাৰী সুৰক্ষা সন্দৰ্ভ’ত কৰা গবেষকে অংশ গ্ৰহণ কৰে ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যা’য়ৰ আলোচনা চক্ৰত শোনিতপুৰ জিলা শিশু সুৰক্ষা গোটৰ সভাপতি কনকেশ্বৰ শমা’ই আনুষ্ঠানিকভাবে উদ্ধোধন কৰে ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে তেজপুৰ আইন মহাবিদ্যালয়ৰ ড° দুলুমনি নাথে ভাষন প্ৰদান কৰি যৌন কৰ্মীৰ ন্যায় আৰু শৈক্ষিক সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত প্ৰদান কৰা চৰকাৰী আইন আৰু এই সমূহৰ সফল ৰূপায়ণত ৰাজ্য তথা জিলা সমূহৰ মহিলা কোষৰ দায়িত্ব আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰে ৷

তেখেতে এই সন্দভ’ত ভাৰত চৰকাৰে প্ৰদান কৰা POCSO আইনৰ বিশদ ব্যাখ্যা আগবঢ়াই ৷

অসমৰ বিশিষ্ট শিশু সাহিত্যিক দিলীপ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা চক্ৰত তেজপুৰ বিশ্ববিদ্যালয় সমাজ বিদ্যা বিভাগৰ গবেষক তনয়া বৰাই যৌন কমী’ সন্তানৰ লালন- পালন, আৰু সামাজিক শৈক্ষিক আৰু স্বাস্হ্য জনিত সুৰক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত থকা যৌন কমীৰ সুৰক্ষা আইনৰ সু প্ৰয়োগ প্ৰদানৰ বাবে সামাজিক সংগঠন সমূহৰ প্ৰতি আহ্বান জনাই ৷

অনুষ্ঠানত অন্যতম আলোচক হিচাবে দবকা হাজি কলেজৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক চবীৰ আহমেদ ওচমানীয়ে যৌন সুৰক্ষা আইনে জাৰজ আৰু অৱৈধ সন্তানকো জীয়াই থকাৰ অধিকাৰ সম্পৰ্কে সকলোকে সজাগ হৈ থকাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাই ৷ আৰম্ভনিতে এইট ব্ৰাদাৰ্চৰ প্ৰতিষ্ঠাপক সভাপতি ড°কুকিল বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷

Leave A Reply