Breaking

উদয়ন সংঘৰ উদ্যোগত বিষ্ণুৰাভা দিৱসত আলোচনাচক্ৰ আৰু ৰাভা সংগীতৰ অনুষ্ঠান

0 69

মহানগৰীৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান উদয়ন সংঘৰ উদ্যোগত কৃষ্ণনগৰ সমূহীয়া ভৱনত বিভিন্ন কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয় ৷

কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫ বজাৰ পৰা ক্ৰমে সংঘৰ উপদেষ্টা সত্যেন তালুকদাৰে বন্তি প্ৰজ্বলন, কাৰ্যকৰী সভাপতি বিনয় কুমাৰ তালুকদাৰে বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছতে আৰম্ভ হয় বিষ্ণুৰাভাৰ জীৱন, আদৰ্শ বিষয়ক আলোচনাচক্ৰ আৰু ৰাভা সঙ্গীতৰ অনুষ্ঠান ৷

সংঘৰ সম্পাদক অৰূপ কুমাৰ বৰ্মনে আঁতধৰা, সভাপতি প্ৰমোদ চন্দ্ৰ কাকতিয়ে সঞ্চালনা কৰা আলোচনাচক্ৰ উদ্বোধন কৰে সংঘৰ কোষাধ্যক্ষ দীনেশ চন্দ্ৰ শৰ্মাই।

অসম লোকসেৱা আয়োগৰ সদস্য ড° নিৰঞ্জন কলিতা মুখ্য আলোচক হিচাপে উপস্থিত থকা আলোচনাচক্ৰত দমদমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চন্দনজ্যোতি চুতীয়া আৰু কটন বিশ্ববিদ্যালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া সত্যেন তালুকদাৰ আলোচক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই।

আলোচনাচক্ৰৰ মাজতে অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত অঞ্চল টোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰ্শন ভৰদ্বাজ আৰু নেহা কুমাৰীৰ লগতে মালয়েছিয়াত অনুষ্ঠিত ভাৰত সংস্কৃতি যাত্ৰাত ভাৰত নাট্যমত প্ৰথম স্থান লাভ কৰা বিদীশা বুজৰবৰুৱাক সম্বৰ্ধনা জনোৱা হয় ।

আলোচনাচক্ৰৰ পিছতে স্থানীয় শিল্পী তৃষা কাশ্যপ, শেৱাশ্ৰী বৈশ্য, অৰ্চনা বৰুৱা, অঞ্জলী বৰ্মন, জিতাশ্ৰী তালুকদাৰ, বিশ্বনাথ মেধি, সুদৰ্শনা ঠাকুৰীয়া আদিয়ে বিষ্ণুৰাভা সঙ্গীত পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Leave A Reply