Breaking

গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত জ্যেষ্ঠ প্ৰশাসনিক বিষয়া কমল বৰুৱাৰ গ্ৰন্থ “কথা কোৱা হে নীৰৱতা” উন্মোচন

0 75

ৰাজ্য চৰকাৰৰ এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া তথা কবি কমল বৰুৱাৰ দ্বিতীয় খন কাব্য গ্ৰন্থ ” কথা কোৱা হে নীৰৱতা ” শনিবাৰে গুৱাহাটী উজান বজৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় । চৰকাৰী ব্যস্ততাৰ মাজতো নীৰৱে সাহিত্য সাধনা কৰা কমল বৰুৱাৰ দ্বিতীয় খন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে ।

গ্ৰন্থ খন উন্মোচন কৰি কবি নীলিম কুমাৰে কয় যে , গ্ৰন্থ কেৱল উন্মোচন কৰি ফটো তোলাতোৱে প্ৰকৃত উন্মোচন নহয় । উন্মোচনৰ সাৰ্থকতা তেতিয়াহে আহে যেতিয়া পাঠকে গ্ৰন্থ খন পঢ়ে । ক’ৱলৈ গ’লে গ্ৰন্থ এখন বিশিষ্ট ব্যক্তিয়ে নহয় পাঠকেহে উন্মোচন কৰে । কবিতাৰ সংজ্ঞা দাঙি ধৰি বিশিষ্ট কবি গৰাকীয়ে আৰু কয় যে কবিতা লিখাটো কেৱল হ’বি হ’ৱ নোৱাৰে । কবিতাৰ মাজেৰে সমাজক আশ্বস্ত কৰিব পৰাতোহে কবিৰ প্ৰকৃত ধৰ্ম হ’ৱ লাগে । কবি কমল বৰুৱাৰ প্ৰতিটো কবিতাত কবিৰ সৱল উপস্থিতি আৰু সৱল বক্তব্য বিচাৰি পোৱা যায় । ইফালে, কেৱল কবিতা সাহিত্যতহে আধ্যাত্মিকতা বিৰাজ মান বুলি উল্লেখ কৰি কবি নীলিম কুমাৰে কয় যে সমাজৰ প্ৰচলিত ধৰ্মত যেন আধ্যাত্মিকতা হেৰাই গৈছে ।


গ্ৰন্থ উন্মোচনী সভা কবি গল্পকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, গুৱাহাটী মহানগৰ আয়ুক্ত দিগন্ত বৰা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰো উপস্থিত থাকি কমল বৰুৱাৰ কবিতাৰ সংবেদনশীলতাৰ অন্যতম উপহাৰ বুলি উল্লেখ কৰে।

আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কবি কমল বৰুৱাই উল্লেখ কৰে যে, তেওঁৰ প্ৰথম খন গ্ৰন্থ “যুদ্ধ বন্দী” ২০১১ চনত প্ৰকাশ পাইছিল । আৰু দীঘলীয়া ১২ বছৰ পিছত তেওঁ দ্বিতীয় খন গ্ৰন্থ পাঠকৰ হাতত তুলি দিবলৈ সক্ষম হোৱাতো তেওঁৰ জীৱনৰ আন এক ডাঙৰ সফলতা বুলি উল্লেখ কৰে । কিতাপ খন পূৰ্বায়ন প্ৰকাশনৰ হৈ প্ৰকাশ কৰে অমৃত কুমাৰ উপাধ্যাই । অনুষ্ঠানত “কথা কোৱা হে নীৰৱতা ” শীৰ্ষক কবিতাটো পাঠ কৰে মূৰ্চ্ছণা শান্দিল্যই ।গীত মাতেৰে সজোৱা অনুষ্ঠানটোত সাহিত্য অনুৰাগী বহু লোকে অংশগ্ৰহণ কৰে ।

Leave A Reply