Breaking

নগাঁৱৰ জ্যেষ্ঠ বিজেপি নেতা বকুল শইকীয়াৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু : প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই,বিধায়কদ্বয় ৰূপক শৰ্মা,জিতু গোস্বামীৰ শোক প্ৰকাশ

0 1,345

ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা সমিতিৰ জ্যেষ্ঠ নেতা তথা বিগত দহ বছৰৰ খাগৰিজান মণ্ডলৰ প্ৰাক্তন সভাপতি নগাঁৱৰ ডিমৰুগুড়ি- আনন্দ নগৰ নিৱাসী বকুল শ‌ইকীয়াৰ আজি পুৱতি নিশা ৩:৪৫ বজাত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৭৪ বছৰ ৷ নগাঁও জলসিঞ্চন বিভাগৰ কলং-কলিয়াৱৰ শাখাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অমায়িক,মৃদুভাষী,নম্ৰ স্বভাৱৰ তথা স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী বকুল শ‌ইকীয়াৰ অকাল মৃত্যু নগাঁও জিলা বিজেপিৰ সাংগঠনিক দিশত বাৰুকৈয়ে এক বৃহৎ ক্ষতি ৷ তেখেতৰ মৃত্যুত নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,বিজেপি নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ,সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ বৰদলৈ,পাখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি তথা নগাঁও জিলা অনুসুচীত জাতি পৰিষদৰ অধ্যক্ষ নৰেন চন্দ্ৰ দাস,মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা,যুৱ মৰ্চা,কিষান মৰ্চা,অবিচি মৰ্চা,এছ চি মৰ্চাৰ লগতে অন্যান্য মৰ্চা তথা বিষয়ববীয়া সকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ তেওঁৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই দুখ প্ৰকাশ কৰি কয় যে, নগাঁও জিলাৰ বিজেপি দলৰ বাবে এক মোক্ষম আঘাট হোৱাৰ লগতে ব্যক্তিগতভাৱে মোৰ ৰাজনৈতিক জীৱনত এক অপূৰণীয় ক্ষতি হৈ ৰৱ। ভাৰতীয় জনতা পাৰ্টিয়ে এগৰাকী নিষ্ঠাবান কায্যকতা হেৰুৱাৰ লগতে মই এগৰাকী জেষ্ঠ  সৰ্তীথক হেৰুৱালোঁ।তেখেতৰ পবিত্ৰ আত্মাই বৈকুণ্ঠত স্থান পোৱাৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰিলো ৷ মৃত্যুৰ সময়ত পত্নী,এজন পুত্ৰ,এগৰাকী বিবাহিত জীয়ৰী,বোৱাৰী,জোৱাই,নাতি নাতিনী সহ অনেক ইস্তকুতুম তথা গুণমুগ্ধক ইহঁ সংসাৰত এৰি থৈ যায় ৷ 

Leave A Reply