জ্যেষ্ঠ সাংবাদিক ভূপেন গোস্বামী চিকিৎসাধীন ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউত ভৰ্তি…

‘নেচনেল ইউনিয়ন অব্‌ জাৰ্নেলিষ্ট ইণ্ডিয়া’ এন ইউ জে আইৰ ৰাষ্ট্ৰীয উপসভাপতি তথা ‘জাৰ্নেলিষ্ট এছ’ছিয়েচন অব আছাম’ জা’ ৰ মুখ্য উপদেষ্টা জ্যেষ্ঠ সাংবাদিক ৰাষ্ট্ৰীয় হিন্দী দৈনিক কাকত ‘ৰাষ্ট্ৰীয় খবৰ’ ৰ উত্তৰ- পূবাৰ্ঞ্চলৰ প্ৰিন্সিপাল কৰেছপণ্ডেণ্ট তথা অগ্ৰদূত কাকতৰ লগত জড়িত ভূপেন গোস্বামী জটিল হৃদৰোগত ৰোগত আক্ৰান্ত হৈ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ আই চি ইউত ভৰ্ত্তি কৰোৱা হয়। হঠাৎ যোৱা নিশাৰ পৰা উসাহ নিসাহত বৰকৈ কষ্ট পোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জ্যেষ্ঠ অধীক্ষক ডাঃ অচ্যুত বৈশ্যৰ পৰামৰ্শ ক্ৰমে চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ প্ৰণৱ জ্যোতি ভট্টাচাৰ্য, ডাঃ বৰ্ণালী দত্ত, ডাঃ হাফিজুৰ ৰহমান, তত্বাবধানত জ্যেষ্ঠ সাংবাদিক গৰাকীক আই চি ইউত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসা আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে যোৱা ৯ মে’ ৰ পৰা তেওঁ চিকিৎসাধিন হৈ আছিল ৷ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ডাঃ অম্লান জ্যোতি বৰাই চিকিৎসা কৰি আছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। ইয়াৰ আগতে বিগত কেইবাবছৰ পৰা গুৱাহাটীৰ ডাঃ মৃদুল মহন্তৰ তত্বাবধানত চিকিৎসা কৰি থকা হৈছিল। ১৯৯৩ চনত মৰিগাৱঁৰ পৰা সপ্তাহিক ‘বুধবাৰ’ আৰু পষেকীয়া ‘আগান’ৰ জড়িয়তে সাংবাদিকতা আৰম্ভ কৰি পাছলৈ ১৯৯৬ চনৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীত নিগাজিকৈ ভাড়াঘৰত থাকি আজিৰ বাতৰি,আজি, নতুন দিন,জনমভূমি,নতুন দৈনিক,সপ্তাহিক জাগৰণ, অসম সংবাদ , মাহেকীয়া ‘প্ৰত্যাশা’ ৰাষ্ট্ৰীয় হিন্দী দৈনিক নই দুনিয়া, ইণ্ডিয়া টিভি,আদি কাকত , টিভি, আলোচনীত কাম কৰিছিল ৷

১৯৯৬ চনত তদানিন্তন চৰকাৰৰ ৰোষত পৰি অসমৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক সহিতে ভূপেন গোস্বামী ৫ মাহ ১৮ দিন নগাৱঁৰ বিশেষ কাৰাগাৰত থাকিব লগা হৈছিল ৷ ২০১৪ চনৰ জুলাই পৰা বৰ্ত্তমান পৰ্যন্ত ‘ৰাষ্ট্ৰীয় খবৰ’ৰ উত্তৰ- পূবাৰ্ঞ্চলৰ সাংবাদাতা হিচাপে কৰ্মৰত এই জন জ্যেষ্ঠ সাংবাদিকৰ আৰ্থিক অৱস্থা শোচনীয় হোৱাত হৃদৰোগৰ ব্যয়বহুল চিকিৎসাৰ বাবে পৰিয়ালৰ লোক সকল চিন্তিত হৈ পৰিছে ৷ জাৰ্নেলিষ্ট এছ’ছিয়েচন অব আছাম’ ‘জা’ৰ সভাপতি তথা বিশিষ্ট সাংবাদিক- বুদ্ধিজীবী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্ত্তী আৰু ‘জা’ৰ সাধাৰণ সম্পাদক তথা এন ইউ জে আইৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সদস্য ডালিম ফুকনে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্ম্মাৰ প্ৰতি জ্যেষ্ঠ সাংবাদিক জনৰ সু চিকিৎসাৰ বাবে প্‌ৰয়োজনীয় আৰ্থিক সাহাযৰ অনুৰোধ জনাইছে৷

Related Articles