নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, ক্ৰীড়া সংগঠক, ক্ৰীড়া পেন্সনাৰ ৰাজেন বৰকাকতিক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

১১ ফেব্ৰুৱাৰীৰ পৰা ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে “ঘৰে ঘৰে দৈনন্দিন বাৰ্তা, দ্য আছাম ৰাইজিং, আলোক প্ৰভঞ্জন আৰু মোবাইলে মোবাইলে বি নিউজ” অভিযান আৰম্ভ কৰা হয়।

এই অভিযানৰ অংশ হিচাপে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক, ক্ৰীড়া সংগঠক, ক্ৰীড়া পেন্সনাৰ ৰাজেন বৰকাকতিক নগাঁও চহৰস্থিত তেওৰ নিজা বাসগৃহত দৈনন্দিন বাৰ্তা গোষ্ঠীয়ে প্ৰেৰণ কৰা এখন ফুলাম গামোচা,

প্ৰশস্তি পত্ৰ, এখন দৈনন্দিন বাৰ্তা, এখন দা আছাম ৰাইজিং আৰু আলোক প্ৰভঞ্জন কাকতেৰে সম্বৰ্ধনা জনোৱা হয়!

Related Articles