ওদালগুৰি জিলা দিৱসত জ্যেষ্ঠ সাংবাদিক গণেশ ডেকা আৰু উজ্জ্বল কুমাৰ দাসক সম্বৰ্ধনা

ওদালগুৰি জিলা দিৱসৰ পবিত্ৰ দিনটোতে আজি জিলাখনৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। ভেৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি ,অসমীয়া প্ৰতিদিন কাকতৰ ভেৰগাঁৱৰ তথা জ্যেষ্ঠ সাংবাদিক গণেশ ডেকা আৰু টংলা প্ৰেছ ক্লাৱৰ সভাপতি ,বড়ো ,ইংৰাজী, বেংগলী কাকতৰ জিলাখনক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ সাংবাদিক উজ্জ্বল কুমাৰ দাসক তেওঁলোকৰ সাহস,সততা ,ত্যাগ , কৰ্তব্য নিষ্ঠাক সন্মান জনাই আজি ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় আৰু মহকুমা তথ্য আৰু গণ সংযোগ বিভাগে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি দীপক ভূঞা প্ৰমুখ্যে বিষয়া কৰ্মচাৰীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আদৰ্শ ,সততা বৰ্তাই ৰাখি অতন্দ্ৰ প্ৰহৰী হোৱা দুয়োগৰাকী সাংবাদিকক অভিনন্দন জনাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।আনহাতে দুয়ো গৰাকী সাংবাদিকক ওদালগুৰি জিলা প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন, ভেৰগাঁও আঞ্চলিক বড়ো ছাত্ৰ সন্থা ,ভেৰগাঁও আঞ্চলিক আৰছু’, সদৌ বিটিআৰ কলিতা জাতীয় পৰিষদ ,টংলা কবি সন্মিলন ,ওদালগুৰি জিলা সাহিত্য সভা, টংলা সাহিত্য সভা, পানেৰী প্ৰেছ ক্লাব,ভেৰগাঁও প্ৰেছ ক্লাব ,টংলা প্ৰেছ ক্লাব ,টংলা আঞ্চলিক আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,টংলা আঞ্চলিক সমিতি ,ভেৰগাঁও জিলা ইউ পি পি এল,ওদালগুৰি জিলা সাংবাদিক উন্নয়ন পৰিষদ,ভেৰগাঁও সাহিত্য সভা তথা ব্যক্তি বিশেষে উষ্ম অভিনন্দন জ্ঞাপন কৰিছে।

Related Articles