চিনিয়ৰ মহিলা ফুটবল লীগঃ অসম ৰাইফলছ একাদশৰ খিতাপ

তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা চিনিয়ৰ মহিলা ফুটবল লীগৰ খিতাপ অৰ্জন কৰিছে অসম ৰাইফলছ দলে৷

ৰঙাপৰা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা লীগখনৰ আজিৰ অন্তিমখন খেলত অসম ৰাইফলছ একাদশে ৰঙাপৰা মহাবিদ্যালয় একাদশক ৩-০গ’লৰ স্পষ্ট ব্যৱধানত পৰাস্ত কৰে৷বিজয়ী দলৰ হৈ ৰঞ্জীবালা দেৱীয়ে দুটা আৰু হেমলতা দেৱীয়ে এটা গ’ল স্কৰ কৰে৷

Related Articles