Breaking

শিৱসাগৰ নগৰত চাঞ্চল্যকৰ চুৰি কাৰ্য, লণ্ডভণ্ড অধিবক্তাৰ গৃহ…

0 25

শিৱসাগৰ নগৰৰ পশ্চিম যমুনা ৰোডত যোৱা নিশা চাঞ্চল্যকৰ এক চুৰিকাণ্ড সংঘটিত হয়। ঘৰত মানুহ নথকাৰ সুযোগ লৈ একাধিক চোৰৰ দলে লণ্ডভণ্ড কৰিলে শিৱসাগৰৰ প্ৰতিষ্ঠিত অধিবক্তা হেলেন ওৰফে ময়িদুল ইছলামৰ ঘৰ।

ঘৰৰ সমূহ সদস্য বাংগালোৰুত থকাৰ সুযোগ লৈ কাল নিশা আংগচোৰে খিৰিকী ভাঙি ঘৰত প্ৰৱেশ কৰি এফালৰ পৰা লুটপাট চলাই সকলো গডৰেজ-আলমিৰা ভাঙি লণ্ডভণ্ড কৰে। আজি পুৱা পোহৰলৈ আহে এই চাঞ্চল্যকৰ চুৰি ঘটনা।

ঘৰৰ গৰাকী তথা অধিবক্তা ময়িদুল ইছলাম পৰিয়ালৰ সৈতে বাহিৰত থকাৰ বাবে চোৰে লুটি নিয়া সামগ্ৰীৰ পৰিমাণ অথবা মূল্য নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। কিন্তু বহু মূল্যৱান সা-সামগ্ৰী চুৰি হোৱাৰ সন্দেহ কৰা হৈছে। ইফালে তীখৰ চোৰৰ দলে গৃহত সংযোগ হৈ থকা চিচিটিভি কেমেৰাৰ মেমৰি ডিভাইছো লৈ উধাও হোৱাৰ ফলত বৰ্তমান আৰক্ষীৰ হাতত অনুসন্ধানৰ বাবে কোনো তথ্য নাই।তথাপিও শিৱসাগৰ সদৰ আৰক্ষীয়ে এই সমস্ত চুৰি ঘটনাক অতি গুৰুত্ব সহকাৰে লৈ জোৰদাৰ অভিযান অব্যাহত ৰাখিছে।

Leave A Reply