Breaking

অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যোগ-শৈক্ষিক আন্তঃপৃষ্ঠ বিষয়ক অধিবেশন…

0 32

অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যোগ-শৈক্ষিক আন্তঃপৃষ্ঠ বিষয়ক অধিবেশন


গৌৰৱোজ্জল শতবৰ্ষত উপনীত হোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰস্থ অসম ধান গৱেষণা প্ৰতিষ্ঠানে ইয়াৰ শতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা বছৰজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি (২২।১১।২৩) যোৰহাটৰ বিশ্ববিদ্যালয়ৰ চৌহদত “খাদ্য সুৰক্ষা আৰু পৰিৱেশ বহনক্ষমতাৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ প্ৰস্তুতি” শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্টিত হয়।

অনুষ্ঠানৰ লগতে আয়োজিত উদ্যোগ-শৈক্ষিক আন্তঃপৃষ্ঠ বিষযক অধিবেশনত অসম বীজ আৰু জৈৱিক প্ৰমানিকৰণ অভিকৰণৰ সঞ্চালক ৰূপে মৌচম হাজৰিকাই সহ অধ্যক্ষতা কৰে।
অধিবেশনৰ অধ্যক্ষতা কৰিছিল অসম কৃষি বিশ্ববিদ্যালয় উপাচাৰ্য্য ডঃ বিদ্যুৎ চন্দন ডেকাই।

অনুষ্ঠানত উদ্যোগৰ পৰা প্ৰতিনিধিয়ে কৃষি খন্ডত উদ্যোগৰ সুযোগ আৰু প্ৰত্যাহ্বানৰ বিষয়ে কয় আৰু শিক্ষা খন্ডৰ প্ৰতিনিধিয়ে উদ্যোগ আৰু শিক্ষাৰ মাজত সহযোগিতাৰ বিষয়ে আলোচনা কৰে।

পান ছিডছ প্ৰাইভেট লিমিটেডৰ আঞ্চলিক পৰিচালক দেবদৰচিনি পাল; এছ জেমছ উইলিয়াম, হেড, এছ বি ইউ, ইণ্ডো আমেৰিকান হাইব্ৰিড ছিডছ; ড° ডি ৱাঘচৌৰ, পৰিচালন সঞ্চালক, এ আৰ আই এফ এম ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড; গট্টানি ইণ্ডাষ্ট্ৰীজৰ পৰিচালন সঞ্চালক ৰজত গত্তানী; নীলাঞ্চল কৃষি বিজ্ঞানৰ সঞ্চালক অচিন্ত্য কুমাৰ দাস; ড° মৃণাল শইকীয়া, গৱেষণা সঞ্চালক, অসম কৃষি বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দেবেন বৰুৱাই আলোচনাত অংশগ্ৰহণ কৰে।

Leave A Reply