Breaking

বোকাখাত উপ জিলাৰ বনগাঁৱত পৰিৱেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত কৃত্ৰিম চৰাই বাহ স্থাপন

0 31

নুমলীগড়ৰ পৰা উজনি অসমলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰ লেনলৈ উন্নীকৰণৰ ফলত কাটি পেলাব লগীয়া হৈছে দাঁতি-কাষৰীয়া বহু মূল্যৱান পুৰঠ গছ। ইয়ে পাৰিপাৰ্শ্বিকতাত আঘাত হানিছে। গছবোৰত বসবাস কৰা যথেষ্ট সংখ্যক পক্ষীয়ে বাসস্থান হেৰুৱাইছে। পৰিৱেশ সংৰক্ষণৰ বাবে ই এক ভাবুকি হৈ পৰিছে। এই পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থতে বোকাখাত উপ জিলাৰ বনগাঁৱত পৰিৱেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত আৰম্ভ হৈছে কৃত্ৰিম চৰাই বাহ স্থাপন।

৬ ফেব্ৰুৱাৰীত বনগাঁও চ’লা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত পৰিৱেশ কৰ্মী গিৰিমল্লিকা শইকীয়াৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে চৰাইৰ বাবে পোৰামাটিৰে নির্মিত কেইবাটাও চৰাইৰ কৃত্ৰিম বাহ স্থাপন কৰে।

উল্লেখযোগ্য যে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক লৈ “চৰাই বান্ধৱ” নামেৰ এটা দল গঠন কৰা হৈছিল। “চৰাই বান্ধৱ”নামৰ ছাত্ৰ ছাত্ৰীসকলৰ এই দলটোৰ মূল উদ্দেশ্য হ’ল চৰাইৰ পৰ্যৱেক্ষণ, চৰাইৰ সুৰক্ষা আৰু বাসস্থানৰ নিৰাপত্তা প্ৰদান কৰা।

বর্তমান ৰাষ্ট্ৰীয় ঘাইপথবোৰ ফ’ৰলেনলৈ উন্নীতকৰণৰ ফলত বৃহৎ পৰিমাণৰ গছ কাটি পেলোৱা হৈছে আৰু মূলতঃ মানুহৰ আশে পাশে বাস কৰা চৰাইবোৰ বাসস্থানৰ অভাৱত ভুগা পৰিলক্ষিত হৈছে৷ বাসস্থান হেৰুওৱা চৰাইবোৰ মানুহৰ হিংসাৰো বলি হোৱা দেখা গৈছে৷ এনে এক প্ৰতিকূল পৰিৱেশৰ লগত খাপ খোৱাকৈ কৃত্ৰিম বাহৰ ব্যৱস্থা কৰি পক্ষী সংৰক্ষণৰ দিশত “চৰাই বান্ধৱ” দলটো আগবাঢ়ি আহিছে।

উল্লেখ্য যে স্থানীয় মৃৎশিল্পীৰ সহায়ত পোৰামাটিৰে এই কৃত্ৰিম চৰাইৰ বাহ নির্মাণ কৰি উলিওৱা হৈছে৷ বিদ্যালয়ত চৰাইৰ বাহ স্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক চৰাইৰ ৰক্ষণাৱেক্ষণ আৰু পর্যৱেক্ষনৰ বাবে আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। গিৰিমল্লিকা শইকীয়াই জনোৱা মতে, তৃণমূল পর্যায়ত চৰাই সংৰক্ষণৰ বাবে এয়া এক দীর্ঘম্যাদী বাস্তৱসন্মত কার্যক্ষম আঁচনি পৰীক্ষামূলকভাৱেহে আৰম্ভ কৰা হৈছে।

এই প্ৰকল্পৰ সফলতাই অসমৰ বিদ্যালয় চৌহদবোৰ চৰাইৰ কাকলিৰে আশ্ৰম সদৃশ কৰি গঢ়ি তোলাৰ সম্ভাৱনা কঢ়িয়াই আনিব৷ “চৰাই বান্ধৱ”ৰ মূল কথা “চৰাই থাকিলেহে আমিও থাকিম। একেলগে আমিও থাকিম চৰাইও থাকিব”।

“চৰাই বান্ধৱ”ৰ বৰ্তমান ৩০ জনীয়া ছাত্ৰ ছাত্ৰীৰ দলটোৰ সদস্য হ’ল বৰষা, ৰোহিত প্ৰিয়ম, চোমালিকা, প্ৰিয়াংকী, সত্যপল, ৰাজদীপ, দীপাংকৰ, আৰিয়ন , বেদান্ত, আশিস, পৰমজ্যোতি, জ্ঞানজ্যোতি, উদয়, সৌৰভ, মণিকা, পৰী, পপী, ৰিমা, অলিভিয়া, কবিতা, ডিম্পল, প্ৰীতম, সংগীতা, দৃষ্টিপ্ৰিয়া, দৃষ্টি, এঞ্জেলিকা, জয়শ্ৰী, টুলটুলী, মুনু, দৰ্পণ।

Leave A Reply