অসম কেবিনেটৰ এখন বৈঠক শনিবাৰে নিশা গুৱাহাটীত অনুষ্ঠিত কৰা হয়। কেবিনেটৰ বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেটৰ সিদ্ধান্ত সমূহ সন্দৰ্ভত সংবাদমেলত সদৰী কৰে। মন্ত্ৰী বৰুৱাই কয় – ডিব্ৰুগড়ৰ নামদাং সংৰক্ষিত বনাঞ্চলত হব মুকলি চিৰিয়াখানা। এই চিৰিয়াখানা খনে ৫৫০০ হাজাৰ মানুহক উপকৃত কৰিব আৰু ইয়াৰ বাবে ধন ২০২৪-২৫ বৰ্ষৰ বাজেটত অনুমোদন জনোৱা হ’ব।
এই মুকলি চিৰিয়া খানাৰ বাবে ২৫৯ কোটি টকা মুকলি কৰি দিয়া হ’ব। কেবিনেটত লগতে ১৯৫৬ চনৰ পৌৰ নিগমৰ বিধেয়ক এখনৰ সংশোধনীত অনুমোদন জনোৱা হয়। লগতে ৰাজ্যৰ ১০ খন ৰূপায়ন নামেৰে আঁচনি এখন গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই আঁচনিয়ে অসমৰ ১০ খন চহৰক সামৰি লব।কেবিনেটত ভিডিপি সংশোধনী বিধেয়কতো অনুমোদন জনোৱা হয়। অসম সচিবালয়ত কম্পিউটাৰ অপাৰেটৰ চাকৰি বিলুপ্তি ঘটাই নতুন পদ সৃষ্টি কৰাৰ সিদ্ধান্তও কেবিনেটত লোৱা হয়।
সচিবালয়ত নতুনকৈ ৩৫২ টা পদ সৃষ্টি কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে কয় এতিয়াৰে পৰা কোনো লোকে তন্ত্ৰ-মন্ত্ৰ বেজালি কৰি চিকিৎসা কৰিব নোৱাৰিব। ইয়াৰ বাবে নতুন বিধেয়ক অনা হ’ব। বিধেয়ক খনৰ খনৰ নাম Assam healing privantion of reveal practice act 2024।

