Breaking

তেজপুৰত অনুষ্ঠিত ৫০ সংখ্যক কেবিনেট বৈঠকত চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

0 19

আজিৰ কেবিনটে লোৱা সিদ্ধান্ত সমূহ হৈছে৩৫০ কোটি টকা ব্যয়েৰে অমৃত সৰোবৰ নিৰ্মাণ কৰিব চৰকাৰে।৫ হাজাৰ আসনবিশিষ্ট প্রেক্ষাগৃহ হ’ব গুৱাহাটীত। ১৮৫ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিব প্রেক্ষাগৃহ।অসমৰ আটাইতকৈ ব্যয়বহুল ফ্লাইঅভাৰ হ’ব তেজপুৰত।তেজপুৰৰ মিছন চাৰিআলিত নিৰ্মাণ কৰিব ফ্লাই অ’ভাৰ।৪৭৪ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হ’ব ফ্লাই অভাৰ।স্থানান্তৰ কৰা হব তেজপুৰ কাৰাগাৰ।বৰ্তমানৰ কাৰাগৰত স্থাপন হ’ব সাংস্কৃতিক প্রকল্প নির্মাণ কৰিব এহেজাৰ আসন বিশিষ্ট প্রেক্ষাগৃহৰ।তেজপুৰৰ বৰপুখুৰীক নতুনকৈ সজাই তুলিব চৰকাৰে।ইয়াৰ বাবে অসম চৰকাৰে ১৬ কোটি টকা ব্যয় কৰিব।বাণ থিয়েটাৰক নতুনকৈ সজাই তোলা হব।ইয়াৰ বাবে ৪.৫০ কোটি পুঁজিত অনুমোদন।ৰাজ্যত ৫৭ লাখ স্মার্ট মিটাৰ যোগান ধৰিব চৰকাৰে।২৭৮২ ফিডাৰ মিটাৰত অনুমোদন কেবিনেটত।

ৰাজ্যত ৭৭ হাজাৰ নতুনকৈ ট্রেন্সফর্মাৰ স্থাপন কৰিব চৰকাৰে।আলাবৈৰ স্মৃতি ৰণক্ষেত্ৰৰ বাবে বিশেষ পুঁজি। ১৫০ কোটি টকাৰ পুঁজি কেবিনেটত। ১৩০ বিঘা ভূমিত নির্মাণ হব প্রকল্প।১০০ ফুট ওখ হেংদাং নির্মাণ হ’ব।যোৰহাট কাৰাগাৰক সংৰক্ষণ কৰিব চৰকাৰে।১৩৪.৯১ কোটি টকাৰ পুঁজিত অনুমোদন। নতুনকৈ সজাই তোলা হ’ব যোৰহাট কাৰাগাৰ।গৰুখুঁটি প্রকল্পক লৈ কেবিনেটত সিদ্ধান্ত।গৰুখুঁটি প্রকল্পক স্থায়ী প্ৰকল্পৰূপে ঘোষণা মুখ্যমন্ত্ৰীৰ।প্রকল্পত থাকিব এজন অধ্যক্ষ, এজন এই চি এচ বিষয়া।এতিয়াৰে পৰা গৰুখুটিৰ কৃষি প্ৰকল্প পৰিচালনা কৰিব স্থায়ী সমিতিয়ে। তামুলপুৰ আৰু বৰ্মাক পোনপটীয়াকৈ সংযোগ কৰিব।পাগলাদিয়াৰ ওপৰত নিৰ্মাণ হ’ব দলং।২৪৭ কোটিৰ পুঁজিত অনুমোদন কেবিনেটৰ।এই পথটোৱে ভূটানলৈ বিকল্প পথৰ সৃষ্টি কৰিব।লখিমপুৰ আৰু ঢকুৱাখনাক পোনপটীয়াকৈ সংযোগ কৰা হ’ব।ঘৃণাসুঁতিৰ ওপৰত দলং নিৰ্মাণ কৰিব চৰকাৰে।৩৮৩ কোটি টকাৰ পুঁজিত অনুমোদন কেবিনেটৰ।২৩ কিঃমিঃ অতিক্ৰম কৰিলেই সংযোগ হ’ব লখিমপুৰ আৰু ঢকুৱাখানা।

এই দলঙৰ ফলত পূৰ্বৰ ৭১ কিলোমিটাৰ দূৰত্ব দলং নিৰ্মাণ হলে মাত্ৰ ২৩ কিলোমিটালৈ হ্ৰাস হব।বটদ্ৰৱা প্ৰকল্পৰ কাম তীব্র গতিত চলিছে।দ্বিতীয় প্ৰকল্পত অনুমোদন কেবিনেটৰ।১০৮ কোটি টকা ব্যয় কৰিব অসম চৰকাৰে।লাচিত বৰফুকনৰ সমাধিক লৈ কেবিনেটত সিদ্ধান্ত।১৪৯ কোটিৰ পুঁজিত অনুমোদন চৰকাৰৰ।লাচিত বৰফুকনৰ প্ৰতিমাও স্থাপন হ’ব।১৫০ ফুট দৈৰ্ঘ্যৰ প্ৰতিমা স্থাপন কৰিব চৰকাৰে।চাহ বাগিচা অঞ্চলৰ অব্যৱহৃত মাটিত খেতি কৰিব পাৰিব।জালুক বা আন খেতিৰ অনুমতি প্ৰদান কৰা হ’ব।পুখুৰী খান্দিব পাৰিব, বহুৱাব পাৰিব ছলাৰ পাৱাৰ।

বাগিচাৰ শ্ৰমিকৰ বাবে দক্ষতা বিকাশৰ কাম কৰিব পাৰিব।শক্তি বিভাগক লৈ কেবিনেটত সিদ্ধান্ত।৮,৭২৭ কোটি টকাত অনুমোদন।দুৰ্ঘটনা হ্রাস কৰাৰ ব্যৱস্থা কৰিব শক্তি বিভাগে।কেন্দ্ৰীয় চৰকাৰৰ সহযোগত এই পি ডি চি এলে ৰূপায়ণ কৰিব আঁচনি।৫ হাজাৰ কোটি টকাৰে ৰাজ্যত নিৰ্মাণ হ’ব বৃহৎ সৌৰ শক্তি প্ৰকল্প, উৎপাদন কৰা হ’ব ১০০০ মেগাৱাট বিদ্যুৎ।মিছন সম্ভাৱনাৰ অধীনত ডাঙৰ পদক্ষেপ মাটি আবণ্টনৰ ১,০৩৭টা প্ৰস্তাৱত কেবিনেটৰ অনুমোদন।মৰা ভৰলু নৈ নতুনকৈ খান্দি ইয়াক ন ৰূপ দিয়াৰ বাবে আজিৰ কেবিনেটে ১৫ কোটি টকাৰ অনুমোদন দিয়ে।

Leave A Reply