মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰাজ উৎখাত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই এতিয়া সস্তম হৈ পৰিল নলবাৰী আৰক্ষী । সোমবাৰে ওৰে নিশা ভূ-মাফিয়াৰ বিৰুদ্ধে চলোৱা হল অভিযান । নলবাৰী আৰক্ষীয়ে কেইবাটাও গোটত বিভক্ত হৈ জিলাখনত ভূ-মাফিয়াৰ বিৰুদ্ধে চলালে এই অভিযান । এই অভিযানতে নলবাৰীৰ এগৰাকী সাংবাদিক সহ নিশা দহ গৰাকীকৈ লোকক আটক কৰিলে আৰক্ষীয়ে । এতিয়ালৈ ইজনৰ পিছত সিজনক আৰক্ষীয়ে লৈ আনিছে থানালৈ । তথাকথিত সাংবাদিক গৰাকীৰ লগতে নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল চক্ৰ কলিতাক নলবাৰী আৰক্ষীয়ে আটক কৰিছে । লগতে আৰক্ষীয়ে কেইবাজনো অনা অসমীয়া মাটিৰ দালাকক আটক কৰি জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ এই অভিযান কালত নলবাৰীৰ ব্যৱসায়ী অজয় জৈন, মুকেশ আগৰৱালা, দাদুল আহমেদ, অনিল জৈন আৰু নলবাৰী চহৰৰ কৃষ্ণ ফাৰ্মাচীৰ স্বত্বাধিকাৰীকো নিশা আটক কৰা বুলি জানিব পৰা গৈছে । ঘটনা সম্পৰ্কত আৰক্ষীয়ে মুখ খোলা নাই যদিও শীঘ্ৰেই আৰু বহু কেইগৰাকী বাঘা বাঘা লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে আৰক্ষীয়ে ইতিমধ্যে এশজনীয়া এখন তালিকা প্ৰস্তুত কৰি আৰম্ভ কৰিছে এই অভিযান।

