Breaking

দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…

0 27

গুৱাহাটী মহানগৰীৰ পূৱ দিশত অৱস্থিত আমচং চাহ বাগিছা আদৰ্শ উচ্চ বিদ্যালয়ত ৪ মেত প্ৰয়াত অনিমা শৰ্মা স্মৃতি ন্যাসৰ উদ্যোগত এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হোৱা বাৰ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বদ্ধনা জনোৱাৰ উদেশ্যে এক সম্বদ্ধনা সভা লগতে শিক্ষক-আভিভাৱক সভাৰ আয়োজন কৰা হয় । বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে আঁত ধৰা সভাখনৰ আৰম্ভণিতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ লগতে জেষ্ঠ বাদ্যযন্ত্ৰ শিল্গী ধীৰাজ সিংক বিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে সম্বদ্ধনা জনোৱা হয় । প্ৰয়াত অনিমা শৰ্মা স্মৃতি ন্যাসৰ উদ্যোগত সাত গৰাকী ছাত্ৰ-ছাত্ৰীক এককালীন আৰ্থিক অনুদান প্ৰদান কৰে নুনমাটি শিৱম নগৰৰ বাসিন্দাভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা প্ৰয়াত অনিমা শৰ্মাৰ সুযোগ্য স্বামী দিলীপ শৰ্মাই ।

সম্বদ্ধনা সভাত উপস্থিত থাকি লেখক তথা সমাজ সংগঠক ভৱেন চন্দ্ৰ দাসে উপস্থিত অভিভাৱক ছাত্ৰ-ছাত্ৰীক উদেশ্যি অভিৰোচন মূলক বক্তৃত্বা প্ৰদান কৰে ।ভৱেন চন্দ্ৰ দাসৰ লগতে লেখক বিজু বৰাই যৌথভাৱে আগবঢ়োৱা অৰ্থসাহাৰ্যৰে সদ্য মেট্ৰিক উত্তীৰ্ণ বাৰ গৰাকী ছাত্ৰ-ছাত্ৰীক ইংৰাজী-অসমীয়া অভিধান ৰ লগতে একোখনকৈ ডায়েৰী আৰু কলম প্ৰদান কৰে । অনুষ্ঠানত উপস্থিত থাকি নুমলীগড় ৰিফাইনেৰী অভিযন্ত্ৰা বিষয়া অনিল ডেকাই ছাত্ৰ-ছাত্ৰীয়ে যাতে আগন্তুক বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে সেই বিষয়ে উৎসাহিত কৰিবলৈ শিক্ষাৰ্থীৰ বাবে বঁটা ঘোষণা কৰে । চৰকাৰী বিদ্যালয়ৰ এক গুৰুতৰ সমস্যা হৈছে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত অনিয়মীয়া উপস্থিতি অনুষ্ঠানত উপস্থিত থাকি লেখক-সাংবাদিক উৎপল শইকীয়াই এই সমস্যা সমাধানৰ বাবে বৰ্ষটোৰ ভিতৰত সৰহ দিন উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ বাবে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে । শিক্ষা বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কৃতী শিক্ষক নাৰায়ণ শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ গণিতভীতি দূৰীকৰণৰ বাবে বিভিন্ন কৌশল অৱগত কৰাৰ লগতে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা দুগৰাকী শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে ।

বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা আমচং চাহ বাগানৰ শ্ৰমিক ইউনিয়নৰ সম্পাদক সুভাষ ৰামদেয়ে কয় যে শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ এই অঞ্চলৰ পৰা পূৰ্বতে দুই তিনিগৰাকীহে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় পোন প্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ পৰা বাৰ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা বাবে তেখেতে গৌৰৱ অনুভৱ কৰে । ২০২২ বৰ্ষত ১২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা বিদ্যালয়খনত এই বৰ্ষত ২১৫ গৰাকীলৈ বৃদ্ধি হৈছে । ছাত্ৰ-ছাত্ৰী বহিবৰ বাবে পৰ্যাপ্ত ডেস্ক-বেঞ্চৰ অভাৱ সেয়েহে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰ একতাৰ আবেদন মৰ্মে সম্বদ্ধনা সভাত উপস্থিত থকা ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া দিলীপ শৰ্মাই তেখেতৰ প্ৰয়াত সহধৰ্মিনী অনিমা শৰ্মা স্মৃতি ন্যাসৰ পৰা প্ৰয়োজনীয় ফাৰ্নিচাৰ আৰু ডেস্ক-বেঞ্চ কিনিবৰ বাবেএকলাখ টকাৰ অনুদান আগবঢ়ায় । দিলীপ শৰ্মাদেৱে তেখেতৰ বক্তব্যত উল্লেখ কৰে যে মানৱ সম্পদ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মাতৃসকলে সেয়েহে শিক্ষক-অভিভাৱক সভাত উপস্থিত থকা মাতৃসকলক সজাগ কৰাৰ উদেশ্যে চলিত শিক্ষাবৰ্ষৰ পৰা দুজন শ্ৰেষ্ঠ মাতৃক নিৰ্বাচন কৰি বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে । প্ৰায় ডেৰ শতাধিক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থকা সম্বদ্ধনা সভাখনত শিক্ষক ক্ৰমান্বয়ে ৰাতুল বৰা, দিলীপ পাল, যদুমনি দিহীঙিয়া, বৰ্ণালী তালুকদাৰ , মুনমী বৰুৱা, কুলদীপ শেনচোৱা, দামোদৰ লহকৰ আৰু কামদেৱ কৰ্মকাৰে বিগত দুটা বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপ আৰুকৰ্মৰ বিষয়ে অৱগত কৰে ।

Leave A Reply