চাপৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ নামত ভয়াৱহ দুৰ্নীতি

ধুবুৰী জিলাৰ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসীপাৰা সংমণ্ডলৰ অধীনত  চাপৰ উন্নয়ন খণ্ডৰ  সকলো গাঁও পঞ্চায়তৰ অঞ্চলবাসী  বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ  যি আঁচনিৰ কাম চলি আছে তাতেই ভয়াবহ দুৰ্নীতি হৈছে।
ৰাইজে দাবী কৰা মতে চৰকাৰে কাম কৰিবলৈ দিছে এটা কিন্তু ৰফিকুল ইছলাম নামৰ  ঠিকাদাৰ জনে নিজাববীয়াকৈ কৰি আছে কাম আন এটা। চৰকাৰৰ মতে মেইন পাইপৰ গভিৰতা হ’ব লাগিব ২ (দুই) ফুটৰ পৰা কমচেকম ৩(তিনি) ফুট  কিন্তু ঠিকাদাৰ জনে নিজাববীয়াকৈ পাইপ লাইন বোৰ ৫(পাছ) ইঞ্চিৰ পৰা ৮(আঠ) ইঞ্চি মান মাটিৰ তলত দি আছে।
আৰু কনো কোনো ঠাইত যেনে খেৰডুবী বেতবাৰী ৰৌমাৰীত গাত তো দুৰেৰেই কথা মাটিৰ ওপৰত দিছে মেইন পাইপ।
আৰু ঘৰে ঘৰে পাইপৰ যি কানেকচন তাতেও ঠিকাদাৰ জনে কৰি গৈছে বহু পৰিমাণে দুৰ্নীতি, যেন  বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ  যি আঁচনি তাৰ নামত চলিছে লৰা ধেমালী।

এইয়াই নেকি অসম চৰকাৰৰ ৰাইজক ঘৰে ঘৰে পাইপৰ মাধ্যমেৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ আঁচনি ?
এতিয়া প্রশ্ন  হয় অসম চৰকাৰৰ তথা বিভাগিয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Related Articles