তিনি সন্তানৰ সৈতে সুখী পৰিয়ালৰ এখন ফটো শ্বেয়াৰ কৰিলে শ্বাহৰুখ-গৌৰীয়ে…

বলীউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে ছচিয়েল মিডিয়াত পৰিয়ালৰ এখন ফটো শ্বেয়াৰ কৰিছে। য’ত দেখা গৈছে তিনিটা সন্তানৰ সৈতে শ্বাহৰুখ-গৌৰীক। শ্বাহৰুখে নিজৰ কামৰ লগতে পৰিয়ালকো সময় দি ভাল পায়। গতিকে গৌৰী আৰু শ্বাহৰুখৰ যুটি উদ্যোগটোৰ নিখুঁত স্বামী-স্ত্ৰী যোৰৰ ভিতৰত গণ্য কৰা হয়। শেহতীয়াকৈ গৌৰী খানে অনুৰাগীক আচৰিত কৰি ছ’চিয়েল মিডিয়াত এখন পাৰিবাৰিক ফটো শ্বেয়াৰ কৰিছে। যি খন ছবি এতিয়া সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈছে। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় গৌৰী খানে সময়ে সময়ে অনুৰাগীৰ বাবে ফেমিলি পিক আপলোড কৰি থাকে। গৌৰী খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত সমগ্ৰ খান পৰিয়ালৰ সুখৰ মুহূৰ্তৰ ছবি শ্বেয়াৰ কৰিছে। ছবিখনত শ্বাহৰুখ আৰু গৌৰীৰ লগতে তেওঁলোকৰ তিনিটা সন্তান আৰিয়ান, সুহানা আৰু ইব্ৰাহিমকো একেলগে দেখা গৈছে।

দৰাচলতে শ্বাহৰুখ খানৰ কেৰিয়াৰে যেন দ্রুতগতিত সফলতাৰ নতুন শীখৰত উপনীত হৈছে৷ শেহতীয়াকৈ মুক্তি পোৱা শ্বাহৰুখ অভিনীত ছবি ‘জৱান’এ বক্স অফিচত বাম্পাৰ অৰ্জন কৰি উদ্যোগটোৰ সকলো অভিলেখ ভংগ কৰিছে। এতিয়া অতি সোনকালে শ্বাহৰুখ খানে তেওঁৰ পৰৱৰ্তী ছবি ‘ডিংকি’ৰ জৰিয়তে বৰদিনৰ দিনা অনুৰাগীক উপহাৰ দিয়া কথা আছে। শ্বাহৰুখৰ কন্যা সুহানাইও ‘দ্য আৰ্চিজ’ৰ জৰিয়তে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ ওলাইছে।

Related Articles