শ্বাহৰুখ খানে তেওঁৰ আগন্তুক ছবি ‘কিং’ৰ শ্বুটিং কৰি আছিল, (Shah Rukh Khan) একচন ছিন কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয় কিং খান। এই দুৰ্ঘটনা সংঘটিত হৈছে মুম্বাইৰ গোল্ডেন টবেকো ষ্টুডিঅ’ত। বৰ্তমান তেওঁক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাহৰুখ খান নিজৰ দলৰ সৈতে চিকিৎসাৰ বাবে আমেৰিকালৈ গৈছে। চিকিৎসকে তেওঁক অস্ত্ৰোপচাৰৰ পিছত প্ৰায় এমাহ জিৰণি ল’বলৈ পৰামৰ্শ দিছে। ইয়াৰ পূৰ্বেও তেওঁ বহুবাৰ ষ্টাণ্ট কৰি থাকোঁতে এনে পেশীৰ আঘাত পাইছে কিং খান। সুস্থ হৈ উঠিলে তেওঁ পুনৰ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব। বৰ্তমান এমাহ ধৰি ছবিখনৰ শ্বুটিং বন্ধ কৰা হৈছে বুলি কোৱা হৈছে। আঘাত বৰ গুৰুতৰ নহয়, কিন্তু পেশীৰ সৈতে জড়িত, সেইবাবে তেওঁ কিছু জিৰণি লোৱাৰ প্ৰয়োজন।