শ্বাহৰুখ খানৰ অনুৰাগীয়ে ছবিগৃহত “জৱান” ছবিখন উপভোগ কৰিলে অদ্ভূত ধৰণে…

জৱান ছবিখন শ্বাহৰুখ খান ফেনক্লাৱৰ অনুৰাগীয়ে ছবিগৃহত জৱানৰ দৰে মুখমণ্ডলত বগা কাপোৰেৰে ঢাকি এক অদ্ভূত ধৰণে ছবিগৃহত প্ৰৱেশ কৰে । লগতে সম্পূৰ্ণ ছবিখন এনেদৰে মুখত বগা কাপোৰ বান্ধি ছবিখন উপভোগ কৰে ।

৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পালে শ্বাহৰুখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি জৱান। ছবিখন মুক্তিৰ ৪ দিন হ’ল আৰু ৪ দিনত বহু অভিলেখ ভংগ কৰি হিন্দী চলচ্চিত্ৰ জগতত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। ছুটিৰ দিনত এদিনতে ৮০.০১ কোটি টকা সংগ্ৰহ কৰা বলীউডৰ ইতিহাসত এইখন প্ৰথমখন ছবি। প্ৰথম দিনাই জৱানে সংগ্ৰহ কৰিছিল ৭৫ কোটি টকা। দ্বিতীয় দিনা ছবিখনে ৫৩.২৩ কোটি টকা উপাৰ্জন কৰে।

তৃতীয় দিনা ছবিখনে ৭৭.৮৩ কোটি টকাৰ ব্যৱসায় কৰে আৰু চতুৰ্থ দিনা জৱানে ৮০.০১ কোটি টকা উপাৰ্জন কৰে। এইদৰে ছবিখনে চাৰিদিনত মুঠ ২৮৬.১৬ কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হয়। এতিয়া পঞ্চম দিনৰ সংগ্ৰহ এতিয়াও প্ৰকাশ হোৱা নাই তাৰ পিছত ছবিখনে ৩০০ কোটি টকা অতিক্ৰম কৰিব।

Related Articles