দৈনন্দিন বাৰ্তাৰ হাউলীৰ সংবাদদাতা তথা বৰপেটা জিলা বাৰ্তজীৱী সংঘৰ সভাপতি ছাহেদ আলী আহমেদক ৰাজহুৱা সম্বৰ্ধনা…

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ‘আমছু’ৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু ভালুকী-শালমাৰা আঞ্চলিক সমিতিৰ সহযোগত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৫ ছেপ্তেম্বৰ দিনৰ ১১ বজাত ভালুকী-শালমাৰা আঞ্চলিক জাতীয় বিদ্যালয় প্ৰাংগনত জিলা আমছুৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰোহিত্যত এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত বি,বি,কিষাণ কলেজৰ অধ্যাপক ড০ দেৱান নজৰুল কাদিৰ, হাউলীস্থিত বৰপেটা ডায়েটৰ প্ৰবক্তা দেৱান ফজলুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক হাছান শ্বহীদ, আমছুৰ প্ৰাক্তন সভাপতি আবু তাহেৰ, সমাজ কৰ্মী আনোৱাৰ হুছেইন সহ ভাল সংখ্যক বিশিষ্ট ব্যাক্তি উপস্থিত থাকি প্ৰয়াত ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱন দৰ্শণ আৰু শিক্ষক সকলক উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়।

উক্ত অনুষ্ঠানত দৈনন্দিন বাৰ্তাৰ হাউলীৰ সংবাদদাতা তথা বৰপেটা জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি ছাহেদ আলী আহমেদৰ লগতে ৩৩ গৰাকী বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় । শিক্ষা জগতলৈ কৃতিত্বৰে শিক্ষাদান কৰা শিক্ষাগুৰু,বিশিষ্ট সাংবাদিক আৰু সমাজ সেৱককে আদি কৰি সমাজসেৱাত জৰিত বিশিষ্ট ব্যক্তিসকলক অসমীয়া ফুলাম গামোছা আৰু মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনায়। সভাখনৰ আঁতধৰে জিলা আমছুৰ সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানে। উক্ত অনুষ্ঠানত বৰৰেটা জিলা আমছুৰ বিষয়-ববীয়াৰ লগতে ভালুকী-শালমাৰা আঞ্চলিক আমছুৰ বিষয়-ববীয়া আৰু অন্যান্য বহুতো গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

Related Articles