Breaking

শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধঃ উপস্থিত মন্ত্ৰী ইউ জি ব্ৰহ্ম

0 33

১৩ নৱেম্বৰত মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া আছাম ৰাইফলছৰ শ্বহীদ বীৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধ দেওবাৰে সম্পন্ন হৈ যায়৷ বাক্সা জিলাৰ বৰমাৰ সমীপৰ থৈকাৰাকুছিৰ শ্বহীদ সুমনৰ গৃহত ৰাতিপুৱাৰে পৰা বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে কৰা হয় আদ্যশ্ৰাদ্ধৰ কাম-কাজ৷

পুৱাৰে পৰা অসংখ্য গুণমুগ্ধৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে আহি শ্বহীদ গৰাকীৰ পৰিয়ালৰ কাষত থিয় হৈ সমবেদনা জ্ঞাপন কৰে ৷ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আছাম ৰাইফলছৰ সহকৰ্মীয়ে আদ্যশ্ৰাদ্ধ স্থলীত উপস্থিত হৈ সুমনৰ পত্নীৰ হাতত পদক আৰু চেক প্ৰদান কৰে ৷ শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে চৰকাৰৰ তৰফৰ পৰা যথেষ্টখিনি সন্মান লাভ কৰাৰ কথা ব্যক্ত কৰে পত্নী জুৰি স্বৰ্গীয়াৰীয়ে ৷

ইতিমধ্যে শ্বহীদ গৰাকীৰ নামত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পথ আৰু বিদ্যালয়ৰ তোৰণৰ কাম পূৰ্ণগতিত চলি থকা বুলিও মন্তব্য কৰে ৷ লগতে আজিৰ আদ্যশ্ৰাদ্ধৰ সমস্ত খৰছ বিটিচি চৰকাৰে বহন কৰাৰ কথাও ব্যক্ত কৰে সুমনৰ পত্নীয়ে ৷ অনাগত দিনত ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ একমাত্ৰ কণমানি পুত্ৰক দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে শ্বহীদ পত্নীয়ে ৷ 

ইফালে আজি দিনৰ ভাগত শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মন্ত্ৰী ব্ৰহ্মই নিজ ভাষণত বীৰ শ্বহীদ গৰাকীৰ কৃতিত্ব সোঁৱৰণ কৰাৰ লগতে সুমনৰ পৰিয়ালক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবলৈ চৰকাৰ সম্পূৰ্ণৰূপে দায়ৱদ্ধ বুলি জনায় ৷ আনহাতে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ হ’লে আমি সকলোৱে প্ৰথমে শিক্ষা আৰু উন্নয়ণত গুৰুত্ব দিয়া উচিত । অন্যথা ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো একেবাৰে অসম্ভৱ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী ব্ৰহ্মই ।

Leave A Reply