Breaking

আকৌ চৰ্চালৈ শ্বাহিন বাগ: এইবাৰ উচ্ছেদ

0 1,566

বুলডোজাৰ, আৰক্ষীৰে হতা-হতি, আটকৰ ঘটনাত উত্তপ্ত দিল্লী।আকৌ চৰ্চালৈ আহিছে শ্বাহিন বাগ। ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা শ্বাহিন বাগ আজি পুনৰ উত্তপ্ত হৈ পৰে। দিল্লীৰ জাহাংগীৰপুৰীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাকলৈ সৃষ্টি হোৱা অস্থিৰতাৰ পিছত পৌৰ নিগমৰ উচ্ছেদ অভিযানক লৈ উত্তেজনাৰ সৃষ্টি হয় শ্বাহিন বাগত। আজি শ্বাহিন বাগত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক লৈ অঞ্চলটো উত্তপ্ত হৈ পৰে।দক্ষিণ দিল্লী পৌৰ নিগমৰ কৰ্মীয়ে আজি বুলডোজাৰৰ ব্যৱহাৰ কৰি শ্বাহিন বাগত উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ কৰ্মীসকলে উচ্ছেদ অভিযানত ব্যৱহাৰ কৰিবলৈ অনা বুলডোজাৰৰ সন্মুখত থিয় হৈ স্থানীয় লোকসকলে প্ৰতিবাদ কৰে। স্থানীয় লোকৰ প্ৰতিবাদৰ বাবেই অৱশেষত পৌৰ নিগমে উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ বাধ্য হয়।প্ৰতিবাদত স্থানীয় লোকসকলৰ সৈতে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ সমৰ্থকসকলো উপস্থিত থকা পৰিলক্ষিত হয়। এই প্ৰতিবাদত আপ বিধায়ক আমানতুল্লা খানও উপস্থিত থাকে। আপৰ বিধায়কজনে দাবী কৰে যে বৰ্তমান অঞ্চলটোত এটাও অবৈধ নিৰ্মাণ হোৱা নাই। তেওঁ কয়, “ইয়াত কোনো অবৈধ নিৰ্মাণ নাই। বুলডোজাৰ আনি দেখুৱাবলৈ চেষ্টা কৰা হৈছে যে মই নিগমৰ উচ্ছেদ অভিযানত বাধা দিআছো। ” জানিব পৰা গৈছে যে কালিন্দী কুঞ্জ-জামিয়া নগৰ অঞ্চলৰ লগতে শ্বাহিন বাগৰ কাষৰীয়া শ্ৰীনিবাসপুৰীত একে ধৰণৰ অভিযানৰ প্ৰস্তুতি চলাই পৌৰ নিগমে।। অৱশ্যে, পৰ্যাপ্ত আৰক্ষীৰ অভাৱৰ বাবে, বৰ্তমানলৈ তেনে বহু ঠাইত উচ্ছেদ অভিযান বাতিল কৰা হৈছে। দক্ষিণ দিল্লী পৌৰ নিগমৰ অধ্যক্ষ ৰাজপালে পূৰ্বে সংবাদ মাধ্যমৰ আগত কৈছিল যে শ্বাহিন বাগকে ধৰি আন অঞ্চলসমূহত উচ্ছেদ চলিবই।


ইপিনে শ্বাহিন বাগত উচ্ছেদ অভিযানৰ আঁৰত দিল্লী বিজেপিৰ মুৰব্বী আদেশ গুপ্তাৰ হাত আছে বুলি অভিযোগ উত্থাপিত হৈছে। আদেশে যোৱা মাহত বিষয়াসকলক উচ্ছেদ চলাবলৈ সংশ্লিষ্ট বিভাগলৈ চিঠি লিখিছিল। বিজেপি নেতা জনে দাবী কৰিছিল যে ৰহিংগীয়া, বাংলাদেশী আৰু উগ্ৰপন্থীয়ে অঞ্চলটোত অবৈধ দখল কৰি আছে। সেই যুক্তিৰ আধাৰতে তেওঁ শ্বাহিন বাগত উচ্ছেদ চলোৱাৰ পোষকতা কৰিছিল।

Leave A Reply