Breaking

লজ্জাজনক! বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা কৰিবলৈ দৰমহা লৈছে সন্তানে…

0 36

বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা কৰিবলৈ দৰমহা পাইছে সন্তানে। এটি সন্তাত অতি কষ্টৰে ডাঙৰ-দীঘল কৰে পিতৃ-মাতৃয়ে. কিন্তু এই কষ্টক কেতিয়াও কষ্ট বুলি নাভাবে পিতৃ-মাতৃয়ে। কিন্তু সন্তান ডাঙৰ হ’লে পিতৃ-মাতৃ দায়িত্ব পালন কৰাটো জানো দৰমহা ল’বলগীয়া বিষয়। কিন্তু এতিয়া সেই কামৰ বাবে ল’ৰা-ছোৱালীবোৰে দৰমহা পাইছে। আচৰিত যেন লাগিলেও এইয়াই সত্য। চাকৰিৰ নাপাই বৰ্তমান প্ৰজন্মৰ একাংশ যুৱক-যুৱতীয়ে নিজৰ পিতৃ-মাতৃক কেৰিয়াৰ হিচাপে চোৱা-চিতা কৰিবলৈ বিচাৰিছে। এই বৃত্তিটো এটা ট্ৰেণ্ডত পৰিণত হৈছে। ভাবিছেনে, এই পেছাত দৰমহা কিমান। এক প্ৰতিবেদন অনুসৰি যুৱক-যুৱতীসকলক এনে কামৰ বাবে প্ৰতিমাহে প্ৰায় ৯৪ হাজাৰ টকা দৰমহা লাভ কৰে। অভিভাৱকক সংগ দিয়া, তেওঁলোকৰ লগত বজাৰ কৰা, ঘৰৰ কামত সহায় কৰা, নিসংগতা দূৰ কৰা – এই সকলোবোৰ কাম কৰা যুৱক-যুৱতীয়ে ৯৪ হাজাৰ টকা লাভ কৰিছে।

এই বাতৰি চীন দেশৰ। চীনৰ ছ’চিয়েল মিডিয়াত এই নতুন বৃত্তিটোক কেন্দ্ৰ কৰি চলি থকা প্ৰথাৰ অন্ত নাই। বহুতে একেবাৰে ভাল পোৱা নাই বিষয়টোক।

Leave A Reply