Breaking

ছাংহাইত বিশ্বৰ বৃহত্তম মেট্র’ ৰে’ল নেটৱর্ক

0 1,038

চীনৰ ছাংহাইত মুকলি কৰা হৈছে বিশ্বৰ বৃহত্তম মেট্র’ ৰে’ল নেটৱর্ক ৷ বিশ্বৰ ভিতৰতে মেট্র’ ৰে’লসেৱাৰ ক্ষেত্রত আটাইতকৈ ব্যস্ততাপূর্ণ চহৰ হিচাপে চিহ্ণিত হৈ আহিছে ছাংহাই ৷ শেহতীয়াকৈ ছাংহাইত চালকবিহীন দুটা মেট্র’ ৰে’লপথ মুকলি কৰা হৈছে ৷

এই ৰে’লপথ দুটা হৈছে লাইন ১৪ আৰু লাইন ১৮ৰ প্রথম ফেজ ৷ স্মর্তব্য যে এই নতুন পথ দুটা মুকলি কৰাৰ লগে লগে ছাংহাইৰ মেট্র’ ৰে’লপথৰ মুঠ দৈর্ঘ্য বৃদ্ধি পাইছে ৮৩১ কিলোমিটাৰলৈ৷ ইফালে, চালকবিহীন মেট্র’ ৰে’ললাইনৰ সংখ্যা ছাংহাইত বৃদ্ধি পাইছে পাঁচটালৈকে ৷ ছাংহাই চহৰত মেট্র’ ৰে’ল ষ্টেচনৰ মুঠ সংখ্যা হৈছে ৫০৮ ৷

Leave A Reply