Breaking

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে চেলফি শ্বেয়াৰ কৰি ইটালীৰ প্ৰধানমন্ত্ৰী জি’ৰ্জিয়া মেল’নিয়ে ক’লে ‘ভাল বন্ধু’…

0 26

মোডীৰ সৈতে মেল’নি চেলফি: ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জি’ৰ্জিয়া মেলনীৰ চেলফি। বিশ্ব জলবায়ু কাৰ্য্য সন্মিলন (COP28) এইবাৰ সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই) অনুষ্ঠিত হৈছিল। এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ বিশ্বৰ নেতাসকল উপস্থিত হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ইটালীৰ প্ৰধানমন্ত্ৰী জি’ৰ্জিয়া মেল’নীকো সাক্ষাৎ কৰে। এই সময়তে মেল’নীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে চেলফি তুলি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চেলফি শ্বেয়াৰ কৰাৰ সময়ত ইটালীৰ প্ৰধানমন্ত্ৰী জি’ৰ্জিয়া মেল’নীয়ে এক্সত লিখিছিল যে COP28ত ভাল বন্ধু।

ডুবাইত চলি থকা আন্তঃৰাষ্ট্ৰীয় সন্মিলন COP-28ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। জলবায়ু পৰিৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব পৰ্যায়ত একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০৩০ চনৰ ভিতৰত ভাৰতত কাৰ্বন নিৰ্গমন ৪৫ শতাংশ হ্ৰাস কৰাৰ সংকল্প পুনৰবাৰ প্ৰকাশ কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে COP33ৰ আয়োজন ভাৰতক অৰ্পণ কৰাৰ প্ৰস্তাৱো আগবঢ়ায়।


Leave A Reply