Breaking

শতৰান বিহীন কোহলীৰ ৮৪০ দিন…

0 2,032

ভাৰত-শ্ৰীলংকাৰ মাজত চলি আছে দ্বিতীয় টেষ্ট। এম চিন্নাস্বামী ষ্টেডিয়ামত আজি দ্বিতীয় টেষ্টৰ প্ৰথমটো দিন। প্ৰথম ইনিংছত বেট কৰাৰ সিদ্ধান্ত লোৱা ভাৰতে কঠিন পৰিস্থিতিৰ মাজেৰে গতি কৰিছে।প্ৰত্যাশিত নহ’ল ভাৰতৰ ইনিংছ। অ’পেনাৰৰ পৰা আৰম্ভ কৰি মিডিল অ’ৰ্ডাৰ বেটছমেনো ব্যৰ্থ হয়। শ্ৰীলংকাৰ বলিং বিক্ৰমত ক্ৰীজত বেছি পৰ তিস্তি থাকিব নোৱাৰিলে অধিনায়ক মায়ংক আগৰৱাল, ৰোহিত শৰ্মাৰ দৰে বেটছমেন। তিস্তিব নোৱাৰিলে বিশ্বৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। ইনিংছ দীঘলীয়া নহ’ল ৰান মেছিন কোহলীৰো। মাত্ৰ ২৩ ৰান কৰিয়েই পেভেলিয়নমুখী হয় কোহলী। প্ৰত্যাশিত স্ক’ৰ সংগ্ৰহত পুনৰ ব্যৰ্থ হয় কোহলী। ধনঞ্জয় ডি ছিলভাৰৰ বলত পেভেলিয়নমুখী হয় কোহলীয়ে।

স্বাভাৱিকতে, কোহলীৰ এই ব্যৰ্থতাই আহত কৰিছে তেওঁৰ অনুৰাগীক। সুদীৰ্ঘ ৮৪০টা দিন শতক বিহীন বিৰাট কোহলী। ক্ৰিকেট এৰিনাত ক্ৰমশঃ বিৰাাট কোহলীৰ বেটিং প্ৰদৰ্শনক লৈ আৰম্ভ হৈছে চৰ্চা। অনুৰাগীৰ মুখমণ্ডলতো বিষন্নতাৰ চাপ বিদ্যমান। স্মৰ্তব্য যে, বিগত সময়চোৱাত কেতবোৰ অনাকাংক্ষিত বিতৰ্কই চুই গৈছেহি ক্ৰীড়াজগত। বিৰাট কোহলীক অধিনায়ক পদৰ পৰা আঁতৰোৱাক লৈয়ো ক্ৰিকেট এৰিনাত চলিছিল এলানি বিতৰ্ক। কিছুদিনৰ বাবে ক্ৰিকেটৰ পৰা আঁতৰিয়ো আছিল বিৰাট কোহলী। শেহতীয়াকৈ, সকলোৰে মনত এটা প্ৰশ্নৰে অগা-দেৱা। কোহলীৰ বেটৰ পৰা কেতিয়া আহিব সেই প্ৰত্যাশিত ইনিংছ?

Leave A Reply