শতকা গৰকা ঘগ্ৰাপাৰৰ -বিলপাৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসূদেৱ গোঁসাই ঘৰত দুদিনীয়াকৈ ধনৰ অধিষ্ঠাত শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰম্ভণি

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱস্থিত প্ৰায় ১০০ বছৰ গৰকা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ গোঁসাই ঘৰত অতীতৰ পৰা একাদিক্ৰমে উদ্ যাপন কৰি অহা শ্ৰীশ্ৰী লক্ষ্মীখনি এইবেলিও বাসুদেৱ গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সহযোগত আজিৰে পৰা  দুদিনীয়াকৈ  বৰ্ণিল কাৰ্য্যসূচীৰে আৰম্ভ হয়।এই অনুসৰি প্ৰথমদিনা অৰ্থাৎ ২০ অক্টোবৰৰ ৰাতিপুৱা শ্ৰীশ্ৰী বাসুদেৱ গোসাঁই ঘৰৰ বন্তি প্ৰজ্বলনে কাৰ্য্যসূচী পাতনি মেলে দেউৰী দ্বীপেন ডেকাই।ইয়াৰ পিছতে –ধৰ্মীয় পতাকা উত্তোলন কৰে- গোসাঁই ঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰতাপ দত্ত চৌধুৰীয়ে।ৰাতিপুৱা ৭-৩০ বজাত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন ও মাল‍্যাৰ্পণ কৰিব ১৮/৩ নং ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকাই।ৰাতিপুৱা ৮ বজাত স্মৃতি সৌধত বন্তি প্ৰজ্বলন ও মাল‍্যাৰ্পণ কৰে –পূৱ-বনভাগ মৌজাৰ মৌজাদাৰ প্ৰশান্ত দত্ত চৌধুৰীয়ে। ৰাতিপুৱা ৮:৩০ বজাত বৃক্ষৰোপন কৰে ক্ৰমে– বিশিষ্ট ব‍্যৱসায়ী প্ৰাণশক্তি ডেকা,সাংবাদিক দ্বীজেন ডেকা,ফাইজুল হক চৌধুৰী,বিলপাৰ গাঁওৰ গাঁও সভাৰ সদস্য মনোৰঞ্জন ডেকা আদিয়ে।ইয়াৰ পিছতে স্থানীয় মহিলা আইতীসকলে নাম কীৰ্ত্তন পৰিৱেশন কৰে।সন্ধিয়া ভাগত মুল মন্দিৰৰ বন্তি প্ৰজ্বলন,মুখ্য দ্বাৰ উন্মোচন,প্ৰতিমা স্থাপন কৰিব ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই। পূজা মণ্ডপত বিশিষ্ট ব‍্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে।সন্ধিয়া পুনৰ  স্থানীয় আয়তীৰ নাম পৰিৱেশন।সন্ধিয়া ৬-৩০ বজাত পূজা আৰম্ভ।নিশা ন বজাত মহাভোগ বিতৰণ।দ্বিতীয় দিনা অৰ্থাৎ ২১ অক্টোবৰৰ ৰাতিপুৱা শ্ৰীশ্ৰী বাসুদেৱ গোসাঁই ঘৰত বন্তি প্ৰজ্বলন,সমুহীয়া চাফাই অভিযান।সন্ধিয়া গাঁৱৰ জ‍্যেষ্ঠ নাগৰিকৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বনভাগ মহাবিদ্যালয়ৰ অধ‍্যক্ষ যোগেন্দ্ৰ কলিতা আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই।সন্ধিয়া ৫ বজাত মহিলা দলৰ নাম পৰিৱেশনেৰে অনুষ্ঠান সামৰণি পৰিব।

Related Articles