কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পলাহৰটাৰীত বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ । জানিব পৰা মতে, কাৰ্যালয় খনৰ বন কৰ্মীৰ এটা দলে এক গোপন খৱৰৰ ভিত্তিত যোৱা নিশা অভিযান চলাই প্ৰায় লক্ষাধিক টকাৰ শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় যদিও কাঠ খিনি পৰিত্যক্ত অৱস্থাত আছিল আৰু তাৰ পৰা উদ্ধাৰ কৰা হৈছে বুলি ৰহস্য জনক ভাষ্য প্ৰদান কৰে বন কৰ্মীৰ দলে। ইপিনে বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ খিনি স্থানীয় ব্যৱসায়ী নজৰুল ইছলামৰ বুলি স্থানীয় একাংশই কুৱা কই কৰিছে যদিও বন বিভাগে ব্যৱসায়ী জনক সুৰক্ষা দিয়াৰ স্বাৰ্থত নাম প্ৰকাশ কৰাত অনিচ্ছুক বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে নগৰবেৰাৰ বিভিন্ন এলেকাত দীৰ্ঘদিন ধৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি আছে আৰু প্ৰতি গৰাকী চোৰাংকাঠ ব্যৱসায়ীৰ লগত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে বুলি এক গোপন সূত্ৰে জানিব পৰা গৈছে।