Breaking

দ্বিবিভক্ত হোৱাৰ দিশে পূৰ্বাঞ্চল তাই সাহিত্য সভা!

0 2,089

ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ তাই আহোম সমাজৰ জাতিয় সাহিত্য মঞ্চ পূৰ্বাঞ্চল তাই  সাহিত্য সভা ক্ৰমাৎ দ্বিখণ্ডিত হোৱাৰ পথত। অৰ্থাৎ  তাই আহোম সকলৰ  ভাষা ,সাহিত্যৰ লগতে বৈদ্ধিক উৎকৰ্ষ সাধনৰ  মহান লক্ষ্যৰে বিগত ৩৮ টা বৰ্ষ অবিৰাম জাতীয় সেৱা আগবঢ়াই যোৱা পূৰ্বাঞ্চল তাই সাহিত্য সভাত উলম্ব বিভাজন ঘটিব।

৩ টা দশকৰো অধিক কাল স্বজাতিৰ বৌদ্ধিক জাগৰণ সৃষ্টি কৰি অহা তাই সাহিত্য সভাৰ পবিত্ৰ মজিয়াত শেহতীয়া ভাবে  উন্মেষ ঘটা সীমাহীন অনিয়ম দুৰ্নীতি আৰু স্বেচ্ছাচাৰী কাৰ্যকলাপত অতিষ্ঠ একাংশ  নীতিনিষ্ঠ তাই সাহিত্য সেৱকৰ মুকলি  প্ৰতিবাদ আৰু অসন্তুষ্টিৰ  পৰিণতিত এনে ভয়াবহ দুৰ্যোগৰ গ্ৰাসত নিমাৰ্জিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে । 

সদ্য সমাপ্তি ঘটা ৩৯ সংখ্যক পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ অধিবেশনত এনে পঞ্জীভূত ক্ষোভ অসন্তুষ্টিৰ মুকলি প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত একাংশ নিষ্ঠাবান প্ৰবীণ নবীন সাহিত্য সেৱক প্রকাশ্যে নামি পৰিছে এক সমান্তৰাল সাহিত্য সভা গঠনত। প্ৰধানকৈ উজনি অসমৰ শিৱসাগৰ ,ডিব্ৰুগড় , যোৰহাট ,আৰু উত্তৰ অসমৰ ধেমাজি ,লখিমপুৰ আদি জিলাৰ গৰিষ্ঠ সংখ্যক তাই পণ্ডিত আৰু সাধকৰ নেতৃত্বত সঘন বৈঠক বহিছে ।

“তাই সাহিত্য সভা” নামাংকণ কৰি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সমান্তৰাল সাহিত্য সভা গঠনৰ অন্তিম সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি ব্যাপক কৰি তুলিছে  অভ্যন্তৰত অব্যাহত থকা চূড়ান্ত অনিয়ম অনীতি আৰু মই মতালিৰাজত বিতুষ্ট তাই পণ্ডিত আৰু সাধক সমাজ। তাৰেই অংশ হিচাবে ইতিমধ্যে সাহিত্য সভাৰ মজিয়া ত্যাগ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে উজনি অসমৰ পৰা।

Leave A Reply