বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে সংবাদ মাধ্যমৰ আগত অসম আন্দোলনৰ জাতীয় শ্বহীদক অপমান কৰি নিকৃষ্ট মন্তব্য আগবঢ়োৱা পিছত সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ টংলা আঞ্চলিক ছাত্র সন্থাই টংলা চহৰৰ মাজ মজিয়াত শ্বেৰমান আলী আহমেদৰ অসম আন্দোলনৰ জাতীয় শ্বহীদৰ ওপৰত কৰা নিকৃষ্ট মন্তব্যৰ প্ৰতিবাদত শুকুৰবাৰে শ্বেৰমান আলিৰ পুত্তলিকা দাহ কৰে। শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই দাবী জনায় লগতে সমগ্ৰ অসমৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়। ডেকাই আৰু কয় বাংলাদেশী উচ্ছেদ কৰাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী কিন্তু কোনো ধৰ্মৰ নামত বাংলাদেশী চিনাক্ত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰা নাই। আনফালে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা প্ৰতিবাদী সকলে হাতে হাতে প্লেকাৰ্ড লৈ শ্বেৰমান আলী আহমেদ হুচীয়াৰ, অবৈধ্য বাংলাদেশী হুচীয়াৰ, খিলঞ্জীয়া বিৰোধী নীতি সহ্যকৰা নহব বুলি প্ৰতিবাদ সাব্যস্ত কৰে।

