২০২৩ চনত আয়েশা মুখাৰ্জীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হয় ক্ৰিকেটাৰ শিখৰ ধাৱনৰ। (Shikhar Dhawan)তেতিয়াৰ পৰাই পুত্ৰক লগ কৰিব পৰা নাই শিখৰ ধাৱনে। পুত্ৰৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰাখিবলৈ আদালতে নিৰ্দেশ দিছে। ইয়াৰ পিছতো তেওঁ যোগাযোগ বজাই ৰাখিবলৈ অক্ষম। ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে পুত্ৰৰ সৈতে ফোনতো কথা পাতিব নোৱাৰে।
সম্পৰ্কৰ অৱনতি ঘটাৰ পিছত ২০২৩ চনত পত্নী আয়েছাৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লয় ধাৱনে। সেই সময়ত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত অভিযোগ কৰিছিল যে তেওঁৰ পত্নীয়ে তেওঁক পুত্ৰক লগ কৰিবলৈ নিদিয়ে। ন্যায়াধীশে ধাৱনৰ অনুৰোধ মঞ্জুৰ কৰি বিবাহ বিচ্ছেদত মোহৰ মাৰিলে। অৱশ্যে শিশুটিৰ তত্ত্বাৱধান নাপালে ধাৱনে। ন্যায়াধীশগৰাকীয়ে কয় যে ভাৰতত হওক বা অষ্ট্ৰেলিয়াতেই হওক আয়েশা য’তেই নাথাকক কিয়, ধাৱানে পুত্ৰ জোৰাৱাৰক নিৰ্দিষ্ট সময়ত সাক্ষাৎ কৰিব পাৰিব। লগতে ন্যায়াধীশে তেওঁক ভিডিঅ’ কলৰ জৰিয়তে পুত্ৰৰ সৈতে কথা পাতিবলৈ অনুমতি দিয়ে।
আদালতৰ নিৰ্দেশৰ পিছতো পুত্ৰক লগ কৰিব নোৱাৰে বুলি ধাৱানে অভিযোগ কৰে। এটা সাক্ষাৎকাৰত তেওঁ কয় যে দুবছৰ ধৰি মোৰ ল’ৰাটোক দেখা নাই। এবছৰৰো অধিক হ’ল তাৰ মাত শুনা নাই। বৰ কঠিন কাম। কিন্তু এনেকৈয়ে জীয়াই থাকিব লাগিব। মই তেওঁৰ লগত আধ্যাত্মিকভাৱে যোগাযোগ কৰো। মোৰ হৃদয় তেওঁৰ লগত আছে। মই জানো জোৰাৱাৰেও মোৰ কথা ভাবে। আমি মনতে কথা পাতো। তাৰ বাহিৰে আমাৰ যোগাযোগৰ আন কোনো উপায় নাই।
যোগাযোগ কৰিব নোৱাৰিলেও পুত্ৰক মেছেজ কৰে। তেওঁ ভাবে যে এদিন জোৰাৱাৰে তেওঁ পঠোৱা মেছেজটো দেখিব। লগতে পুত্ৰ সুস্থ আৰু সুখী হৈ থকাটো কামনা কৰে। মোৰ ল’ৰাৰ বয়স এতিয়া ১১ বছৰ, মোৰ হাতত তেওঁ মাত্ৰ ডেৰ-দুবছৰহে আছিল বুলিও কয় ক্ৰিকেটাগৰাকীয়ে।
২০১১ চনত আয়েশাক বিয়া কৰাইছিল ধাৱনে। আয়েশাৰ পূৰ্বৰ বিবাহ আছিল। সেই সম্পৰ্কৰ পৰাই তেওঁৰ দুগৰাকী কন্যা সন্তান আছে। জোৰাৱাৰৰ জন্ম হৈছিল ধাৱনৰ সৈতে বিবাহৰ পিছত। কিন্তু ২০১৬ চনৰ পৰা ধাৱন আৰু আয়েশাৰ সম্পৰ্কত ফাঁট মেলে। অৱশেষত ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁলোকৰ মাজত বিচ্ছেদ হয়।
ভাৰতীয় দলৰ হৈ ৩৪খন টেষ্ট, ১৬৭খন এদিনীয়া আৰু ৬৮খন টি-২০ মেচ খেলিছে ধাৱনে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ ১০ হাজাৰৰো অধিক ৰান। ২০২২ চনৰ পিছত ভাৰতীয় দলত কোনো সুযোগ পোৱা নাই ধাৱনে। ২০২৪ চনত তেওঁ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।

