প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু (Shishu Mahotsav in Chandmari) মহোৎসৱৰ অষ্টম দিন। প্ৰতিটো শিশুৱে স্বকীয় প্ৰতিভা, স্বকীয় সম্ভাৱনা লৈ আহেঃ পাৰ্থ সাৰথি মহন্ত। শিশু-চেমনীয়াৰ মাজত কলা-সংস্কৃতিৰ কৰ্মশালা।পিতৃ-মাতৃৰ ভিন্নসুৰী অনুষ্ঠানঃ দিহানাম-বিয়ানাম, গীতে-মাতে আনন্দমুখৰ চানমাৰি বাকৰি।

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱ অভিভাৱক সকলৰ ভিন্নসুৰী অনুষ্ঠানেৰে আকৰ্ষণীয় হৈ পৰে ৷ শিশু মহোৎসৱৰে সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত ৫০ গৰাকীতকৈও অধিক অভিভাৱকে অংশগ্ৰহণ কৰে ৷ বিশেষকৈ পিতৃ-মাতৃ সকলে পৰিৱেশন কৰা গান, নৃত্য, বাদ্য বাদন, একক অভিনয়, দিহানাম, বিয়ানাম আদিয়ে শিশু মহোৎসৱ আনন্দ মুখৰ কৰি তোলে ৷ বিয়লি ৪-৩০ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটি উদ্বোধন কৰে গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত, বিশিষ্ট স্তম্ভ লেখক, কবি-আবৃত্তিকাৰ পাৰ্থ সাৰথি মহন্তই ৷ তেওঁ ভাষণ প্ৰসংগত কয় যে গ্ৰীষ্ম বন্ধৰ সময়ত অসম প্ৰকাশন পৰিষদে আয়োজন কৰা গুৱাহাটী শিশু মহোৎসৱৰ সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ থাকিব ৷ ইয়াত নাট, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰা শিশু-চেমনীয়া সকলে সুন্দৰ অভিজ্ঞতা অৰ্জন কৰিছে ৷ এই অভিজ্ঞতাই তেওঁলোকৰ বৌদ্ধিক আৰু মানসিক বিকাশত সহায় কৰিব ৷ তেওঁলোকক সামাজিকতাৰ গূঢ়াৰ্থ অনুধাৱন কৰিবলৈ উদ্বুদ্ধ কৰিব ৷ তেওঁ লগতে কয়—“ প্ৰতিটো শিশুৱে স্বকীয় প্ৰতিভা, স্বকীয় সম্ভাৱনা লৈ এই পৃথিৱীলৈ আহে ৷ তেওঁলোকৰ প্ৰতিভাৰ বিকাশ আৰু সম্ভাৱনাক সঠিককৈ প্ৰয়োগ কৰাৰ দায়িত্ব সমাজখনৰ ৷ বিশেষকৈ পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ ৷ শিশু সকলক ভালদৰে গঢ়ি তোলা মানেই সমাজৰ ভৱিষ্যৎ, দেশৰ ভৱিষ্যৎ সুৰক্ষিত কৰা ৷” তেওঁ শিশু সকলৰ মনত মাতৃভাষাৰ প্ৰতি আকৰ্ষণ জগাই তুলিবলৈ আহ্বান জনাই কয়—“মাতৃভাষাৰ মাজেৰেহে শিশুৰ বৌদ্ধিক-মানসিক বিকাশ সঠিকভাৱে হয় ৷ মাতৃভাষাই জাতিৰ শক্তিশালী পৰিচয় ৷ ” ইপিনে বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ যোগভ্যাসত আৰতি হাজৰিকাক সহযোগিতা আগবঢ়ায় প্ৰজ্ঞাশ্ৰী নাথে ৷

যোগাসনৰ পাছত শিশু-চেমনীয়াসকলে বিগত কেইদিনৰ দৰেই নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, সহযোগী শিল্পী ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, পূৰৱী বুঢ়াগোহাঁই, মূকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক, ৰাহিল ৰিজুই, সুকুমাৰ কলাৰ কৰ্মশালাত শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত শিল্পী প্ৰিয়ংকা কাশ্যপ, ভায়োলীনা তালুকদাৰে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷ সংগীত কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৰাজ আহমেদ, দীপক দাস আৰু বিকাশ ৰয়ে ৷ আজি বিয়লিৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে নিউ গুৱাহাটী আদৰ্শ হাইস্কুলে ৷