Breaking

শিৱ আৰু মহাশিৱৰাত্ৰি

0 506

প্ৰাচীন শৈৱ সম্প্ৰদায়ৰ প্ৰধান দেবতা শিৱ। হিন্দু দেৱতাৰ তিনি দৈৱসত্তাৰ অন্যতম দেৱতা শিৱ। শিৱক সাধাৰণতে বিমূৰ্ত শিৱলিঙ্গ ৰূপে পূজা কৰা হয়। শিৱ শব্দৰ অৰ্থ শুভ, দয়ালু, আৰু মহৎ। তেওঁ সকলো মংগলৰ প্ৰতীক। কিন্তু কেতিয়াবা সংহাৰ ৰূপত তাণ্ডৱ ৰূপে ৰুদ্ৰমূৰ্তি ধৰি ধ্বংসৰ প্ৰতীক হৈ পৰে আৰু দুৰ্বল জনৰ ওচৰত ত্ৰাণকৰ্তা হৈ অপশক্তিক নাশ কৰে।
শিৱক বিভিন্ন নামেৰে জনা যায়।

উদাহৰণ স্বৰূপে-
কপালত তৃতীয় চকু বিদ্যমান বাবে ত্ৰিনয়ন । জটাত চন্দ্ৰ ধাৰণ কৰা বাবে চন্দ্ৰশেখৰ। সৰ্বাংগত ভষ্ম বা বিভূতিৰ প্ৰলেপ লৈ থকা বাবে বিভূতিভূষণ। সমূদ্ৰ মন্থন ওলোৱা বিষ কণ্ঠত ধাৰণ কৰা বাবে নীলকণ্ঠ। সময়ত সকলো পাহৰি ধ্যানস্থ্য হোৱা বাবে মহাযোগী আদি।

মহা শিৱৰাত্ৰি হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ এক গুৰুত্বপূৰ্ণ প্ৰধান উৎসৱ।

শিৱৰাত্ৰি প্ৰত্যেক মাহৰ কৃষ্ণা ত্ৰয়োদশ ৰাতি আৰু চতুৰ্দশ দিনত পালন কৰা হয় আৰু ইয়াৰ ফাগুন মাহৰ কৃষ্ণা ত্ৰয়োদশ ৰাতি আৰু চতুৰ্দশ দিনত মহা শিৱৰাত্ৰি হিচাপে উদযাপন কৰা হয়।

লোক বিশ্বাস মতে এই দিনটোতে সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা বিষ পান কৰি জগতক ৰক্ষা কৰিছিল। কোনোৰ মতে এই দিনটোতে শিৱ পাৰ্বতীৰ বিয়া সম্পূৰ্ন হৈছিল।


আন এক জন বিশ্বাস মতে দক্ষৰ যজ্ঞকুণ্ডত আত্মদাহ কৰা সতীৰ মৃতদেহ কান্ধত লৈ তাণ্ডব কৰি পৃথিৱী ভ্ৰমি ফুৰাত দেৱ দেৱতা আদি কৰি সকলোৱে ভয়তে বিষ্ণুৰ শৰণাপন্ন হয়। বিষ্ণুয়ে তেতিয়া সুদৰ্শন চক্ৰৰে সতীৰ মৃতদেহ খন্ড খন্ড কৰি পেলাই । ইয়াৰ পিছতো শিৱ শান্ত নোহোৱাত ভক্তগণে অনেক প্ৰাৰ্থনা কৰাত ভোলানাথ শিৱই তাণ্ডৱ সামৰি ফাগুন মাহৰ কৃষ্ণা ত্ৰয়োদশ ৰাতি আৰু চতুৰ্দশ দিনত ভক্ত ওচৰলৈ ঘূৰি আহে।


এই দিনটোতে ভক্ত সকলে শান্তি, সমৃদ্ধিৰ লগতে নিজৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ মানসেৰে উজাগৰে ৰাতি কটায় ভোলানাথ ভগৱান শিৱক আৰাধনা কৰি আশিষ লয়।


এই বাবে এই দিনটো মহা শিৱৰাত্ৰি হিচাপে উদযাপন কৰা হয়।

-ডাঃ উজ্জ্বল কুমাৰ শৰ্মা
শালবাৰি, নুনমাটি

Leave A Reply