ৰঙিয়াৰ তুলসীবাৰীৰ মাহতলীস্থিত শিৱ মন্দিৰ প্ৰাংগণত অহা ১১ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন কৰা হৈছে । মহোৎসব পৰিচালনাৰ্থে সোমদত্ত কলিতাক সভাপতি, তৰুণ কলিতাক কাৰ্যকৰী সভাপতি ,সুনীল কলিতা-বিতোপন কলিতাক সম্পাদক হিচাবে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে ।তদুপলক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মীয় পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,বৃক্ষ ৰোপণ ,দিনৰ ভাগত শিৱলিংগত জল প্ৰদান, আয়তীৰ নাম সন্ধিয়া মন্দিৰৰ দ্বাৰ উন্মোচন ,অক্ষয় বন্তি প্ৰজ্বলন ,বন্তি প্ৰজ্বলন কৰাৰ লগতে টোপধ্বনি আৰু ৰাজহুৱা পুষ্পাঞ্জলি প্ৰদান তথা নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হব ।সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী আৰোহন বৰদলৈ আৰু মনমিতা ভৰদ্বাজে অনুষ্ঠান পৰিৱেশন কৰিব ।দ্বিতীয় দিনা পুৱা স্বচ্ছ ভাৰত অভিযান, শিৱ পুৰাণ পাঠৰ লগতে বিয়লি নাগাৰা নাম পৰিৱেশন কৰিব ক্ৰমে প্ৰহ্লাদ ডেকা আৰু প্ৰণৱ মেধীয়ে ।সমূহ কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ।

