দৈনন্দিন বাৰ্তাৰ সেৱা, মেছাগড়, ১১ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ লক্ষীনন্দন গগৈয়ে কৰা এক আদেশমৰ্মে জনসাধাৰণৰ স্বাস্থ্য, নিৰাপত্তা আৰু ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত আগন্তুক দীপাৱলী উৎসৱৰ সময়ত অহা ১৩ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ সমগ্র শিৱসাগৰ জিলাতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত মেলা, লটাৰী খেল, জুৱা খেল তীৰ খেল তথা মুকলি চিনেমা প্ৰদৰ্শন আদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, বিগত সময়ত শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত দীপাৱলী উৎসৱৰ লগত সংগতি ৰাখি মেলা, লটাৰী খেল, জুৱা খেল, তীৰ খেল আদি অনুষ্ঠিত হোৱাৰ লগতে চাহ বাগিচা সমূহত মুকলি চিনেমা প্ৰদৰ্শন হৈ আহিছে, য’ত একেলগে বহুলোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। তদুপৰি, বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত পুনৰ ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ আৰম্ভ হোৱাৰ বিষয়ে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশিত হৈ আহিছে। উক্ত বিষয় বোৰ বিবেচনা কৰাৰ লগতে জনসাধাৰণৰ স্বাস্থ্য আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ৰাজহুৱা বা ব্যক্তিগত স্থানত জনসমাগম ৰোধৰ স্বাৰ্থত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

