Shiwali Kashyap: আহমেদাবাদত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা শিৱালী কাশ্যপৰ মৃতদেহ স্বগৃহত

শুক্ৰবাৰে নাজিৰাস্থিত স্বগৃহ পালেহি(Shiwali Kashyap) আহমেদাবাদত ৰহস্যজনক মৃত্যুক আঁকোৱালি লোৱা নাজিৰাৰ শিৱালী কাশ্যপৰ মৃতদেহ৷ শোকাকুল পৰিৱেশ শিৱালীৰ স্বগৃহত৷ আহমেদাবাদৰ পৰা শিৱালীৰ মৃতদেহ স্বগৃহলৈ অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ পৰিয়ালৰ৷

মঙ্গলবাৰে নিশা আহমেদাবাদত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লৈছিল নাজিৰাৰ শিৱালী কাশ্যপে। নিশা চাদৰ পৰা পৰি মৃত্যু হোৱা খবৰ পৰিয়ালৰ লোকক জনাইছিল শিৱালী কাশ্যপৰ প্ৰেমিক সৌৰভ পুৰোহিতে৷ শুক্ৰবাৰে আহমেদাবাদৰ পৰা নিজ গৃহলৈ অনা হয় শিৱালী কাশ্যপৰ মৃতদেহ৷

শুক্ৰবাৰে বিয়লি ডিব্ৰুগড় বিমানবন্দৰত আহি পোৱাৰ পিছতেই শিৱালীৰ মৃতদেহ অনা নাজিৰাস্থিত স্বগৃহলৈ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি শিৱালীৰ প্ৰেমিক সৌৰভ পুৰোহিতেই এই হত্যাকাণ্ড সংঘটিত কৰিছে৷ প্ৰেমিক সৌৰভ পুৰোহিতে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে ভাৱে শিৱালী কাশ্যপক অত্যাচাৰ চলাই অহাৰ অভিযোগ পৰিয়ালৰ৷প্ৰেমিক সৌৰভ পুৰোহিতক ইতিমধ্যেই আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

Related Articles