Breaking

গুৱাহাটীত চোৰলৈ গুলিচালনা ! এটা সপ্তাহত আৰক্ষীৰ বেহু ফালি ৪ টাকৈ চোৰৰ পলায়নৰ চেষ্টা…

0 38

গুৱাহাটীত চোৰলৈ গুলিচালনা
এটা সপ্তাহত আৰক্ষীৰ বেহু ফালি ৪ টাকৈ চোৰৰ পলায়নৰ চেষ্টা
মহানগৰীত দিনে দিনে বৃদ্ধি অপৰাধমুলক ঘটনা
শীৰ্ষ আৰক্ষীৰ মবাইল চোৰৰ পাচতে তৎপৰ মহানগৰ আৰক্ষী

বুধবাৰে পুৱতি নিশা আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰোতে মহানগৰ আৰক্ষীয়ে আমীৰ আলী নামৰ এটা চোৰলৈ লক্ষ্য় কৰি গুলীচালনা কৰে । গুৱাহাটীৰ সমীপৱৰ্তী সোনাপুৰ আমচিঙত সংঘটিত হোৱা এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা চোৰটো সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বুলি জিএমচিএইচৰ অধ্যক্ষই জানিবলৈ দিয়ে । আৰক্ষীৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ধৃত আমীৰ চেইন চুৰিৰ ঘটনাৰ সৈতে জড়িত । ইয়াৰ পূৰ্বে ক্ৰমে ৩ আৰু ৭ আগষ্টত তিনিটাকৈ পৃথক ঘটনাত আন তিনিটা চোৰ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল ।

৩ আগষ্টত মহিবুল হক নামৰ চোৰটো বিৰুবাৰী এলেকাত আৰু অভিজিত ৰাভা নামৰ চোৰটো পানীখাইতী এলেকাত গুলিবিদ্ধ হৈ চিকিতসাধীন হৈ আছে । আনহাতে, যোৱা ৭ আগষ্টত অৰ্জুন সাহা নামৰ আন এজন চোৰ চন্দ্ৰপুৰত আহত হৈছিল ।
বিগত এটা সপ্তাহতে চাৰিটাকৈ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পাচত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কেনেকৈ আৰক্ষীৰ নিৰাপত্তা বেহু ফালি পলাবলৈ সক্ষম হয় চোৰ । মহানগৰ আৰক্ষীৰ এই শিথিলতাই জনসাধাৰণৰ বাবে ভয়ংকৰ বিপদ মাতি আনিব পাৰে ।

কাৰণ আৰক্ষীৰ হাতৰ পৰা যদি ভয়ংকৰ অপৰাধী পলাই যাবলৈ সক্ষম হয় তেন্তে ই সমগ্ৰ ৰাজ্যৰ বাবেই হ’ব অশনি সংকেত ।
উল্লেখ্য যে, বিগত মাহত অসম আৰক্ষীৰ উপমহাপৰিদৰ্শক বিবেক ৰাজ সিঙৰ হাতৰ পৰা মবাইল থপিয়াইছিল চোৰে । মহানগৰীৰ উলুবাৰী এলেকাত প্ৰাত:ভ্ৰমণৰ সময়ছোৱাতে এই ঘটনা সংঘটিত হোৱা বুলি সূত্ৰত প্ৰকাশ । ইয়াৰ পাচতে মবাইল, চেইন থপিওৱা চোৰৰ বাবে তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী ।

Leave A Reply