Breaking

ঐতিহাসিক কাহিনীচিত্ৰ “কইনাকন্দা শিল” ৰ দৃশ্যগ্ৰহণ

0 173

মৰিগাঁও জিলাৰ বঘৰাত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কইনকন্দা শিল। এই কইনাকন্দা শিল প্ৰাচীন সময়ৰ তথা অবিভক্ত নগাঁও জিলাৰ অন্তৰ্গত ৰাজকীয় প্ৰথাৰ দ্বাৰা শাসিত চুবুৰীয়া বঘৰা ৰাজ্যৰ ৰাজকুমাৰৰ এক সঁচা ৰাজকীয় প্ৰেম কাহিনীৰ জীৱন্ত সাক্ষী।

প্ৰকৃতি নিয়মৰ নিৰ্দেশত সলনি হৈছে ফল-ফুল, গছ-বন, লতা। পৰিৱৰ্তন হৈছে মানুহৰ মন, মৰম, ভালপোৱা আৰু জীৱনধাৰা। কিন্তু পৰিৱৰ্তন হোৱা নাই বঘৰা ৰাজকুমাৰী আৰু মায়ং কোঁৱৰৰ সঁচা প্ৰেমেৰে বিবাহ বন্ধনত বান্ধ খোৱা আৰু অতি যন্ত্ৰণাকাতৰ তথা বিষাদেৰে ভৰা পৰিসমাপ্তিৰ স্বাক্ষৰ বহন কৰি অহা এই কইনাকন্দা শিল।

সেয়েহে, নিশা হ’লেই এই বঘৰা পাহাৰত বজি উঠে বিভিন্ন ধৰণৰ ঢোল আৰু কালিয়া শব্দৰ ৰাগিনী আৰু শিলৰ চেপৰ পৰা বঘৰা ৰাজকুমাৰীয়ে কান্দি কান্দি চিঞৰি উঠে – “ ৰাজকুমাৰ, মোক বচা, মই শিলৰ চেপত বহুত দুখ পাইছো, মোক বচা ৰাজকুমাৰ”।

এনে এক ঐতিহাসিক তথা জীয়া কাহিনীকে মূল আধাৰ হিচাপে লৈ গুৱাহাটীৰ ইক্ভেলী চিনে প্ৰডাকচনৰ প্ৰযোজনাৰে নিৰ্মাণ হৈ আছে অসমীয়া আৰু তিৱা ভাষাত (দ্বি-ভাষিক) কাহিনীচিত্ৰ – “কইনাকন্দা শিল”।

এই কাহিনী চিত্ৰনাট্যখনৰ চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা – ৰমেন বৰা (কামপুৰ), মুখ্য সহকাৰী পৰিচালক – ড° অলকানন্দা কাকতি, সংগীত ব্যৱস্থাপনা – বিজয় ভূঞাঁ, সংগীত পৰিচালনা – ড° মাইনু দেৱী, কণ্ঠশিল্পী – দেৱাশীষ শৰ্মা৷ শিশু শিল্পী চিত্ৰানী কাশ্যপ।ঐতিহাসিক “কইনাকন্দা শিল” কাহিনীচিত্ৰৰ দৃশ্যগ্ৰহণ মৰিগাঁও জিলাৰ বঘৰাত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কইনাকন্দা শিল।

এই কইনাকন্দা শিল প্ৰাচীন সময়ৰ তথা অবিভক্ত নগাঁও জিলাৰ অন্তৰ্গত ৰাজকীয় প্ৰথাৰ দ্বাৰা শাসিত চুবুৰীয়া বঘৰা ৰাজ্যৰ ৰাজকুমাৰৰ এক সঁচা ৰাজকীয় প্ৰেম কাহিনীৰ জীৱন্ত সাক্ষী।

প্ৰকৃতি নিয়মৰ নিৰ্দেশত সলনি হৈছে ফল-ফুল, গছ-বন, লতা। পৰিৱৰ্তন হৈছে মানুহৰ মন, মৰম, ভালপোৱা আৰু জীৱনধাৰা। কিন্তু পৰিৱৰ্তন হোৱা নাই বঘৰা ৰাজকুমাৰী আৰু মায়ং কোঁৱৰৰ সঁচা প্ৰেমেৰে বিবাহ বন্ধনত বান্ধ খোৱা আৰু অতি যন্ত্ৰণাকাতৰ তথা বিষাদেৰে ভৰা পৰিসমাপ্তিৰ স্বাক্ষৰ বহন কৰি অহা এই কইনাকন্দা শিল। সেয়েহে, নিশা হ’লেই এই বঘৰা পাহাৰত বজি উঠে বিভিন্ন ধৰণৰ ঢোল আৰু কালি শব্দৰ ৰাগিনী আৰু শিলৰ চেপৰ পৰা বঘৰা ৰাজকুমাৰীয়ে কান্দি কান্দি চিঞৰি উঠে- “ ৰাজকুমাৰ, মোক বচোৱা, মই শিলৰ চেপত বহুত দুখ পাইছো, মোক বচোৱা ৰাজকুমাৰ”।

এনে এক ঐতিহাসিক তথা জীয়া কাহিনীকে মূল আধাৰ হিচাপে লৈ গুৱাহাটীৰ ইক্ভেলী চিনে প্ৰডাকচনৰ প্ৰযোজনাৰে নিৰ্মাণ হৈ আছে অসমীয়া আৰু তিৱা ভাষাত (দ্বি-ভাষিক) কাহিনীচিত্ৰ – “কইনাকন্দা শিল”।

এই কাহিনী চিত্ৰনাট্যখনৰ চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা – ৰমেন বৰা (কামপুৰ), মুখ্য সহকাৰী পৰিচালক – ড° অলকানন্দা কাকতি, সংগীত ব্যৱস্থাপনা – বিজয় ভূঞাঁ, সংগীত পৰিচালনা – ড° মাইনু দেৱী, কণ্ঠশিল্পী – দেৱাশীষ শৰ্মা (বৰ্তমানৰ উপায়ুক্ত, মৰিগাঁও জিলা) আৰু ড° মাইনু দেৱী, চিত্ৰগ্ৰহণ – বীৰেন দাস, সম্পাদনা- ৰাজু গগৈ, আৱহ সংগীত – ৰমেন বৰা (কামপুৰ), সহঃপৰিচালক – কুশল নাথ আৰু অভিনয়ত আছে ক্ৰমে উপকূল বৰদলৈ, বিমলজ্যোতি বৰদলৈ, মিহিৰ বৰদলৈ, হীৰক কোঁৱৰ, গগন ডেকা, দিগন্ত শৰ্মা, ৰাজীৱ নাথ, তন্দ্ৰালী মূৰ্চ্ছনা, ডৰিথী বৰদলৈ, ড° মাইনু দেৱী আৰু বহু স্থানীয় শিল্পীয়ে। অতিথি শিশু শিল্পী চিত্ৰানী কাশ্যপ।

Leave A Reply