Breaking

তিয়হ আৰু বিলাহী একেলগে খাব লাগেনে? বিশেষজ্ঞসকলে কি কয়…

0 129

বিলাহী আৰু তিয়হ একেলগে চালাডত খাব লাগেনে? বহু গৱেষণাৰ পৰা দেখা গৈছে যে তিয়হ সহজে হজম হয়। আনহাতে বিলাহী হজম কৰাটো কঠিন আৰু ইয়াক হজম হ’বলৈ বহু সময় লাগে। চালাড খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। কাৰণ ইয়াত মানুহে বিভিন্ন ধৰণৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰে, য’ত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। বহুতে তিয়হ আৰু বিলাহীকো চালাডৰ অংশ হিচাপে লয়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে তিয়হ আৰু বিলাহী একেলগে খাব পাৰি নে? এই দুটা শাক-পাচলিৰ সংমিশ্ৰণ সঁচাকৈয়ে স্বাস্থ্যৰ বাবে বিপদজনক নেকি? জানো আহক…

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে তিয়হে শৰীৰক জলসিঞ্চিত কৰি ৰখাৰ কাম কৰে। তিয়হ খালে বহু উপকাৰ পোৱা যায়। কিন্তু যদি আপুনি বিলাহীৰ লগত তিয়হ মিহলাই খায়, তেতিয়া বহুতো অসুবিধাৰ সন্মুকীন হ’বলগীয়া হয়। আচলতে তিয়হত এটা গুণ আছে, যাৰ ফলত ভিটামিন চি সঠিকভাৱে শোষণ হ’ব নোৱাৰে। বিশেষজ্ঞসকলে কয় যে তিয়হ আৰু বিলাহীৰ সংমিশ্ৰণৰ ফলত শৰীৰত এচিড গঠন হয়। কিছুমান খাদ্য সামগ্ৰী আছে যিবোৰ হজম কৰাটো কঠিন। আনহাতে কিছুমান সহজে হজম হয়। তিয়হ আৰু বিলাহীৰ ক্ষেত্ৰতো একে সমস্যা। এই দুটা একেলগে খালে পেটৰ বিষ, গেছ আৰু ভাগৰুৱা হ’ব পাৰে। চালাডত বিলাহী আৰু শসা একেলগে মিহলাই খালেও বিপাকীয় হাৰ কমি যায়। কাৰণ চালাডত উপস্থিত থকা বিভিন্ন উপাদানবোৰ হজম হ’বলৈ সময় লাগে।

বহু গৱেষণাৰ পৰা দেখা গৈছে যে তিয়হ সহজে হজম হয় আৰু বিলাহী সোনকালে হজম নহয়। দুটা বেলেগ বেলেগ খাদ্য সামগ্ৰী মিহলি হ’লে কিম্বন প্ৰক্ৰিয়া আৰম্ভ হয়, যাৰ বাবে গেছৰ সমস্যা আৰম্ভ হয়। কেৱল এয়াই নহয়, বহু ৰোগৰ আশংকাও বৃদ্ধি পায়। অৱশ্যে এক প্ৰতিবেদন অনুসৰি তিয়হ আৰু বিলাহী একেলগে খাব পাৰি। কাৰণ এই দুয়োবিধ শাকতে বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে। যদি আপোনাৰ কোনো সমস্যা নাই তেন্তে আপুনি আন শাক-পাচলিকো চালাডৰ অংশ হিচাপে বনাব পাৰে।

Leave A Reply