Shrasti Raghuwanshi: ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু

ডিজিটেল ডেস্ক: Shrasti Raghuwanshi কামাখ্যা মন্দিৰত নৰবলি প্ৰথা সম্পৰ্কে বিতর্কিত মন্তব্য দিয়াৰ পাছত ৰাজা ৰঘুবংশীৰ ভগ্নী  স্ৰষ্টি ৰঘুবংশীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৯৬(২), ২৯৯ আৰু ৩০২ ধাৰাৰ লগতে ধৰ্মীয় আৱেগত আঘাত কৰা ধাৰাত এই গোচৰ ৰুজু কৰিছে।

 স্ৰষ্টি ৰঘুবংশীয়ে কৈছিল যে কামাখ্যা মন্দিৰত নৰবলি প্ৰথা চলি আছে। তেওঁৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। বিভিন্ন ধৰ্মীয় সংগঠন আৰু সচেতন নাগৰিকে এই মন্তব্যৰ তীব্ৰ নিন্দা প্ৰকাশ কৰে।

এই ঘটনাৰ প্ৰেক্ষাপটত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সৃষ্টি ৰঘুবংশীক সোধ – পোছৰ বাবে তলব কৰিছে। উল্লেখযোগ্য যে ৰাজা ৰঘুবংশীৰ মৃত্যুৰ ঘটনা ইতিমধ্যে চাঞ্চল্যকৰ ৰূপ লৈছে। হানিমুন উপলক্ষে মেঘালয় ভ্ৰমণৰ সময়তে হত্যাৰ বলি হোৱা ৰাজাৰ মৃত্যুক লৈ তদন্ত চলি আছে। ৰাজাৰ পত্নী সোনম কেন্দ্ৰিক একাধিক বিস্ফোৰক তথ্য ইতিমধ্যে পোহৰলৈ আহিছে।

সৃষ্টি ৰঘুবংশীয়ে তেওঁৰ মন্তব্যৰ বাবে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিছে, যদিও বিষয়টোক লৈ ৰাজহুৱা ক্ষোভ হ্ৰাস পোৱা নাই।

Related Articles