Shravan Singh: কণমানি শ্ৰৱণক সন্মান জনালে ভাৰতীয় সেনাই, ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত সেনা জোৱানক যোগান ধৰিছিল খাদ্য-পানী

পেহেলগাম কাণ্ডৰ পিছত(Shravan Singh)ভাৰতে পাকিস্তানৰ মাটিত প্ৰতিশোধ লয়৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সেই সামৰিক অভিযানৰ সময়তে পঞ্জাবৰ অমৃতসৰত ভাৰত-পাক সীমান্তত নিয়োজিত সৈন্যৰ ওচৰ পাইছিল গৈ দুখন সৰু হাত৷ জম্মু-কাশ্মীৰ, ৰাজস্থান আৰু গুজৰাটৰ লগতে পাকিস্তানে পঞ্জাবতো ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছিল৷ ভাৰতীয় সেনায়ো প্ৰতিশোধ লৈছিল৷ পাকিস্তানৰ সৈতে সামৰিক সংঘাতত ব্যস্ত জোৱানে যাতে খাদ্য আৰু খোৱাপানী পোৱাত কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে দহবছৰীয়া শ্ৰৱণ সিঙে সেই সকলোবোৰ বস্তু যোগান ধৰি গৈছিল৷ সেয়ে শ্ৰৱণ এতিয়া সেনাৰ দৃষ্টিত নায়ক৷ (Operation Sindoor)

সেনাই তেওঁক সন্মান জনাইছে৷ শ্ৰৱণক সেনাই প্ৰদান কৰিছে ‘যুৱতম অসামৰিক যোদ্ধা’ৰ সন্মান৷ শ্ৰৱণৰ ঘৰ পঞ্জাবৰ ফিৰোজপুৰৰ মামদোট গাঁৱত৷ শ্ৰৱণৰ পিতৃ সোণা সিঙে কয়, ‘দুয়োখন দেশৰ মাজত সামৰিক সংঘাতৰ সময়ত সীমান্তৰ কাষৰ আমাৰ ভূমিৰ পৰা জোৱানসকলে পাকিস্তানক অহৰহ আক্ৰমণ কৰিছিল৷ সৈন্যসকলক ওচৰৰ পৰা দেখি শ্ৰৱণে আপ্লুত হৈ পৰিছিল৷ শ্ৰৱণে নিজেই খোৱাপানী, খাদ্য, লাচী আজি সেনা জোৱানক যোগান ধৰিছিল৷ যাতে জোৱানসকলে কোনো ধৰণৰ কষ্টৰ সন্মুখীন নহয়৷ সৈনিকৰ সেৱা কৰি তেওঁ সন্তুষ্ট হৈ পৰাটো আমাৰ বাবে অতি ডাঙৰ কথা ৷ সোণাই লগতে কয়, ‘যেতিয়ালৈকে এই সামৰিক অভিযান চলি আছিল, যেতিয়ালৈকে সৈনিকসকল আমাৰ কাষতে আছিল, শ্ৰৱণে তেওঁলোকক খাদ্য যোগান ধৰি গৈছিল৷ তেওঁৰ সপোন এদিন তেওঁলোকৰ দৰে দেশৰ বাবে যুঁজ দিয়া৷’ আনহাতে, শ্ৰৱণে কয় যে জোৱানসকলক খাদ্য যোগান ধৰিবলৈ পাই তেওঁ অতিশয় আনন্দিত৷ তেওঁৰ ভাষাত ‘মই ডাঙৰ হৈ সৈনিক হ’ব বিচাৰো৷ দেশৰ বাবে যুঁজিব বিচাৰো৷’

Related Articles