‘মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ…’। (Shreya Ghoshal) শ্ৰেয়া ঘোষালৰ কণ্ঠত জুবিন গাৰ্গৰ গীত শুনি আৱেগিক হ’ল অনুৰাগী। উচুপি উঠিল জুবিন অনুৰাগী। আজি গুৱাহাটীৰ বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত সংগীত পৰিৱেশন কৰিছিল শ্ৰেয়া ঘোষালে।
শ্ৰেয়া ঘোষালৰ কণ্ঠত জুবিনৰ গীত শুনি আৱেগিক হৈ পৰে দৰ্শক সকল। আনহাতে শ্ৰেয়া ঘোষালৰ উপৰিও জুবিনলৈ শ্ৰদ্ধাঞ্জলি বন্ধু পাপনৰ। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত জুবিনৰ গীত গাই জনায় শ্ৰদ্ধাঞ্জলি পাপনেও।

