শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ ৰতনপুৰত এমহীয়া সত্ৰীয়া সংগীতৰ কৰ্মশালাৰ সফল সামৰণি

অবিভক্ত দৰং হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্তমান ওদালগুৰি জিলাৰ বিশেষভাৱে সুনাম থকা ৰতনপুৰ অঞ্চল ।উক্ত অঞ্চলত বৈকুণ্ঠগামী হৰেকৃষ্ণ মহন্ত সত্ৰাধিকাৰ।বৰঙাজুলি সত্ৰৰ তত্ত্বাৱধানত বিগত ইং ৩১ জানুৱাৰী ১৯৯৯ চনত স্থাপিত হয় শ্ৰীমন্ত শংকৰদেৱ সত্ৰ ৰতনপুৰ (টংলা,ওদাগুৰি)।বিভিন্ন জাতি-উপজাতি-বৰ্ণ-বৰ্গ-ভাষা-ভাষী লোকেৰে ভৰা অঞ্চলত লক্ষীকান্ত সাংস্কৃতিক শিক্ষানুষ্ঠান আৰু সমন্বয় ক’লা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত,শ্ৰীশংকৰদেৱ সত্ৰ ৰতনপুৰ পৰিচালনা সমিতি আৰু ১ মহীয়া সত্ৰীয়া সংগীত কৰ্মশালা পৰিচালনা সমিতিৰ সৌজন্যত সত্ৰীয়া সংস্কৃতিৰ সাধক-সাংস্কৃতিক কৰ্মী-সমাজ সংগঠক যতীন্দ্ৰ নাথ কৃষ্ণদাসৰ সঞ্চালনাত ৰতনপুৰ অঞ্চলত পোন প্ৰথমবাৰৰ বাবে ইং ১ নৱেম্বৰ তাৰিখৰ পৰা ৩০ ইং তাৰিখলৈ বহল ভিত্তিত সত্ৰীয়া সংগীত কৰ্মশালাৰ অনুষ্ঠিত কৰে।উক্ত কৰ্মশালাত ৰতনপুৰ অঞ্চলৰ বড়ো-ৰাভা-সুত্ৰধৰ-নাথ-বনিয়া-বিশ্বাস-মহন্ত-ডেকা-আদিবাসী-কুমাৰ-আদি নানান সম্প্ৰদায়ৰ ৮০ তো অধিক প্ৰশিক্ষাৰ্থী অংশ গ্ৰহণ কৰে।উক্ত কৰ্মশালাত সত্ৰীয়ানৃত্য-বৰগীত-খোলবাদ্য-দিহানাম-থিয়নাম-বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।মুখ্য প্ৰশিক্ষক যতীন্দ্ৰ নাথ কৃষ্ণদাসৰ লগত সহযোগী হিচাপে থাকে ধৰিত্ৰী বৰুৱা আৰু বিকাশ বনিয়া।কৰ্মশালাৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ ৰতনপুৰ বাসীৰ বছৰেকীয়া ন-খোৱা অনুষ্ঠানৰ লগতে সত্ৰীয়া সংগীত কৰ্মশালাৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়।সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বেঙাবড়া-ঔতলাৰ সত্ৰাধিকাৰ শ্ৰীবাবুল চন্দ্ৰ ডেকাই।বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক অখিল কলিতা,ৰতনপুৰ ভিচিডিচিৰ চেয়াৰমেন ভূমিধৰ বড়ো,হীৰামোহন দাস।গায়ন-বায়ন পৰিৱেশনৰে আৰাম্ভ হোৱা সাংস্কৃতিক কাৰ্যসূচী সঞ্চালনা কৰে যতীন্দ্ৰ নাথ কৃষ্ণদাস।

Related Articles