Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

মেৰাপানীৰ নেঘেৰিবিলত উপস্থিত (Shrinkhal Chaliha) বীৰ লাচিত সেনা। বাংলাদেশীক উচ্ছেদৰ ক্ষেত্ৰত “দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱাল” বুলি মন্তব্য শৃংখল চলিহাৰ। সন্দেহজনক লোকৰ বসতি চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে, বীৰ লাচিত সেনাই উচ্ছেদ কৰিব। ভোটৰ ৰাজনীতিৰ স্বাৰ্থত চৰকাৰে হাত সাবটি বহি থাকিলে অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হোৱাটো খাটাং।

উজনি অসমত সন্দেহজনক বাংলাদেশীৰ আগ্ৰাসনক লৈ পুনৰ গৰ্জন কৰিছে শৃংখল চলিহাই। বনবিভাগে উচ্ছেদৰ প্ৰস্তুতি চলোৱা মেৰাপানীৰ নেঘেৰিবিলত আজি উপস্থিত হৈ বীৰ লাচিত সেনাৰ মূখ্য সাংগঠনিক সচিব শৃংখল চলিহাই বাংলাদেশীৰ বিৰূদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰে। সংগঠনটোৰ একাংশ সদস্যৰ সৈতে শৃংখল চলিহাই পদব্ৰজে ২ নং নেঘেৰিবিল গাঁও পৰিভ্ৰমণ কৰি গাঁওখনত বংগমূলীয় মুছলমান লোকৰ অৱস্থিতি লক্ষ্য কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত শৃংখল চলিহাই অসমত বাংলাদেশীৰ আগ্ৰাসনৰ বাবে বৰ্তমানৰ তথা পূৰ্বৰ চৰকাৰসমূহক দোষাৰোপ কৰে। ইফালে শৃংখল চলিহাই কৰা এক গুৰুত্বপূৰ্ণ মন্তব্য অনুসৰি মিঞা মুছলমানৰ বাবেই খিলঞ্জীয়া গৰীয়া, মৰিয়া লোকসকল অস্তিত্বৰ সংকটত পৰিছে। শৃংখল চলিহাই অহা সাত দিনৰ ভিতৰত নেঘেৰিবিলৰ পৰা সন্দেহজনক মুছলমান লোকসকলক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়।

Related Articles