Shubhanshu Shukla’s Axiom 4: ৪১ বছৰৰ পাছত মহাকাশত ভাৰতীয়, সুভাংশুৰ সৈতে সফলতাৰে উৎক্ষেপণ ‘ড্ৰেগন’

অৱশেষত সপোন দিঠক হোৱাৰ(Shubhanshu Shukla’s Axiom 4)পথত৷ সুভাংশুৰ লগতে আন বহুতকে কঢ়িয়াই মহাকাশযানে মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিলে৷ ৪১ বছৰৰ পাছত আন এজন ভাৰতীয় মহাকাশলৈ গ’ল৷ ৰাকেশ শৰ্মাৰ পিছত তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল৷ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৰা মাৰিলে ড্ৰেগন মহাকাশযানখন৷ সাতটা বাধাৰ অন্তত অৱশেষত সফল হ’ল এই উৎক্ষেপণ৷ চাৰিজনীয়া এই অভিযানৰ নেতৃত্বত আছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ বিমান পৰিচালক ৰেগি হুইটছন৷ লগতে উপস্থিত আছিল পোলেণ্ডৰ ৱ’জনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপু৷

১৪ দিন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব৷ তাত কমেও ৬০টা পৰীক্ষা কৰিব৷ বুধবাৰে ভাৰতীয় সময় অনুসৰি নিশা ১২:০১ বজাত শুভাংশুৰ সৈতে উৰা মাৰিলে স্পেচ এক্সৰ মহাকাশযান ‘ড্ৰেগন’৷ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ লঞ্চ কমপ্লেক্স ৩৯এৰ পৰা ‘ফেলকন জ্ঝ’ ৰকেটৰ সহায়ত ড্ৰেগনক মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল৷ বৃহস্পতিবাৰে পুৱা আই এছ এছত উপস্থিত হ’ব সুভাংশুৰা৷ নাছাৰ ‘এক্সিম -4 নামৰ এই অভিযানৰ বাবে প্ৰথমে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্বাচিত সুভাংশু শুক্লা আৰু প্ৰশান্ত বালকৃষ্ণন নাইৰ নামৰ দুজন মহাকাশচাৰীক৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পুত্ৰ শুশাংশুৰা ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন৷

৩৯ বছৰীয়া সুভাংশুক মূল মহাকাশচাৰী হিচাপে নিৰ্বাচিত কৰা হয়৷ প্ৰশান্তকো তেওঁৰ বিকল্প হিচাপে ৰখা হৈছিল৷ একেদৰে যোৱা বছৰৰ আগষ্টৰ পৰা দুয়োজনে এই অভিযানৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছিল৷ প্ৰথম অৱস্থাত কোৱা হৈছিল যে সুভংশুৰ অভিযান ২০২৫ চনৰ ২৯ মে’ত হ’ব৷ কিন্তু বতৰ আৰু যান্ত্ৰিক বিজুতিকে ধৰি বিভিন্ন কাৰণত নাছাই এই অভিযান কেইবাবাৰো পিছুৱাই দিবলৈ বাধ্য হয়৷ বাৰে বাৰে তাৰিখ সলনি কৰাৰ পিছত অৱশেষত বুধবাৰে মিছনটো সম্পন্ন হ’ল৷নাছাৰ ‘এক্সিম-4’ অভিযানৰ পাইলট সুভাংশু৷ তেওঁ মহাকাশযানখন নিয়ন্ত্ৰণ কৰিব৷ বায়ুসেনাৰ অধিনায়ক হোৱাৰ বাবে সুভাংশুৰ এ এন-৩২, জাগুয়াৰ, হক, মিগ-২১, ছু-৩০কে ধৰি বিভিন্ন ধৰণৰ যুঁজাৰু বিমান উৰণৰ অভিজ্ঞতা আছে৷

Related Articles