অসমৰ পৰা স্থানান্তৰিত হ’ব নেকি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ!(Shyamkanu Mahanta)
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ শ্যামকানু মহন্ত।
গ্ৰেপ্তাৰৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত কৰিছিল আবেদন।
৩০ ছেপ্টেম্বৰত লেখ আবেদন কৰিছিল শ্যামকানু মহন্তই।
শ্যামকানুৰ হৈ আবেদন অধিবক্তা ৰাজ কমলৰ।
সম্ভৱত আগতীয়া জামিন বিচাৰি কৰিছিল আবেদন।
আবেদনত প্রতিপক্ষ হিচাপে ৰাখিছে ভাৰত চৰকাৰ।
অসম চৰকাৰ, DGP, NIA আৰু CBIক।
CIDৰ ভুলৰ বাবেই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰ হোৱাৰ সম্ভাৱনা।
56715/2025 নম্বৰত ফৌজদাৰী লেখ আবেদন দাখিল শ্যামকানুৰ।
কিন্তু শ্যামকানু মহন্তৰ উচ্চতম ন্যায়ালয়ৰ আবেদনত আছিল বহুকেইটা আসোঁৱাহষ
সৰ্ব্বোচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীয়ে আসোঁৱাহ আঙুলিয়াই দি ঘূৰাই দিছিল আবেদন।
শ্যামকানু মহন্তৰ অধিবক্তাই আসোঁৱাহ আঁতৰাই পুনৰ আবেদন দাখিল কৰিলেনে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

