শিৱসাগৰৰ নামতি ষ্টেচন চাৰিআলিত দল সংগঠনৰ উদ্যোগত SI জোনমণি ৰাভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

শিৱসাগৰৰ নামতি ষ্টেচন চাৰিআলিত নামতি অঞ্চলৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা নিশা অসম আৰক্ষীৰ সাহসী বীৰ যোদ্ধা প্ৰয়াত SI জোনমণি ৰাভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । এগৰাকী সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুত এতিয়াও শোকত ম্ৰিয়মাণ হৈ আছে ৰাজ্যবাসী । জোনমণি ৰাভাৰ মৃত্যু সাধাৰণ মৃত্যু বুলি কোনেও মানি লব পৰা নাই ।

প্ৰয়াত জোনমণি ৰাভাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনাৰে শিৱসাগৰৰ নামতিত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান | এই অনুষ্ঠানত দল সংগঠনৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।

Related Articles